
Assam, 30
যোৰহাটৰ ন-আলি উৰণীয়া সেঁতু জেষ্ঠ্য নাগৰিক সন্মিলনৰ উদ্যোগত বিনামুলীয়া চিকিৎসা শিবিৰ
প্ৰায় ১২৫ গৰাকী ৰোগীৰ পঞ্জীয়ন
যোৰহাট, ৩০ অক্টোবৰ (হি.স.)। যোৰহাট নগৰৰ ন-আলি উৰণীয়া সেতু জ্য়েষ্ঠ্য নাগৰিক সন্মিলনৰ উদ্যোগত আজি ন-আলি উৰণ সেতুৰ তলতেই এক বিনামুলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে। পুৱা ১০:৩০ বজাতে আৰম্ভ হোৱা চিকিৎসা শিবিৰটি আৰ্তজনৰ সুবিধাৰ্থে দিনজুৰি চলিব বুলি জানিবলৈ দিয়ে। চিকিৎসা শিবিৰটো উদ্ধোধন কৰে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে।
চিকিৎসা শিবিৰটোত ডা০ অৰুণ কুমাৰ বৰুৱা, ডা০ পংকজ জ্যোতি দত্তৰ লগতে ন-আলি অঞ্চল তথা উদ্যোক্তা অনুষ্ঠানটোৰ লগত বিশেষভাৱে জড়িত কেইবাগৰাকীও চিকিৎসক উপস্থিত থাকে। ন-আলি অঞ্চলৰ প্ৰায় ১২৫ গৰাকী ৰোগীয়ে চিকিৎসাৰ বাবে বৰ্তমানলৈকে পঞ্জীয়নভুক্ত হৈছে যদিও সন্ধ্যালৈকে আৰু ৰোগী অহাৰ আশা আছে বুলি মন্তব্য কৰে।
উল্লেখ্য যে দুটা বছৰ পুৰ্বে গঠন হোৱা অনুষ্ঠানটোৰ এনে এটা গুৰুত্বপূৰ্ণ পদক্ষেপক সকলোৱে শলাগ লয়।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু