জনপ্ৰিয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন
জনপ্ৰিয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন।
জনপ্ৰিয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন


বৰপেটা, ৩০ অক্টোবৰ (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ বানিয়াৰাপাৰাস্থিত জনপ্ৰিয় ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন যোৱা কালি বুধবাৰে সন্ধিয়া শান্তিপূৰ্ণ ভাবে সম্পন্ন হয়। এই উপলক্ষত কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলে দিলে জয় জুবিন দা ধ্বনি। ইফালে বিজয়ী প্ৰাৰ্থী সকলক ফুলাম গামোচা, ফুলৰ মালা আদিৰে উষ্ম আদৰণি জনায়।

জনপ্ৰিয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে জয় জুবিন দা, JusticeforZubeenGarg ধ্বনিৰে মুখৰিত কৰি তোলে কলেজ প্ৰাঙ্গন।ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক ছাদ্দাম হুছেইন আৰু উপ সভাপতি হিচাপে শ্বাকিবুল ইছলামে জয়লাভ কৰাৰ লগতে বিভিন্ন বিভাগৰ ১০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ লগতে দুই গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে বুলি জনপ্ৰিয় ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande