জনজাতিকৰণ, স্বায়ত্তশাসনৰ দাৱীত প্ৰায় ১৫ সহস্ৰাধিকলোকৰ শ্লোগানত কঁপিল ধেমাজি চহৰ
জনজাতিকৰণ, স্বায়ত্তশাসনৰ দাৱীত প্ৰায় ১৫ সহস্ৰাধিকলোকৰ শ্লোগানত কঁপিল ধেমাজি চহৰ ৷
জনজাতিকৰণ, স্বায়ত্তশাসনৰ দাৱীত প্ৰায় ১৫ সহস্ৰাধিকলোকৰ শ্লোগানত কঁপিল ধেমাজি চহৰ


ধেমাজি, ৩০ অক্টোবৰ (হি.স.): জনজাতিকৰণ, স্বায়ত্তশাসনৰ দাৱীত যোৱা কালি বুধবাৰে সন্ধিয়া প্ৰায় ১৫ সহস্ৰাধিকলোকৰ শ্লোগানত কঁপিল ধেমাজি চহৰ ৷ চুতীয়া যুৱ সন্মিলন অসমৰ আহ্বানত বুধবাৰে সন্ধিয়া ৰূপায়ণ কৰা হয় এক বৃহৎ জোঁৰ সমদল কাৰ্যসূচী ।

“ন্যায়, পৰিচয় আৰু মৰ্যাদাৰ বিচাৰি”—অনুসূচিত জনজাতি, স্বায়ত্ত শাসনৰ দাবীত ধেমাজি তেলিজানৰ পৰা বাহিৰ কৰা জোঁৰ সমদলৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ফ্লাচ লাইটৰ পোহৰত পৰিবেশন কৰা হয় মায়াবিনী গীতটি। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ২০ সহস্ৰাধিক লোকে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ধেমাজি চহৰৰ আকাশ বতাহ ৷

প্ৰণিধানযোগ্য় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতাত অধিষ্ঠিত হ'লে অসমৰ ছয় জনগোষ্ঠী ক্রমে- মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মর্যদা দিব বুলি বিজেপিয়ে অসমবাসীক নিৰ্বাচনী প্রতিশ্রুতি দিছিল । পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ পিছত বিজেপি চৰকাৰৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নহ’ল ৷ দিছপুৰতেই চৰকাৰী ৰঙা ফিটাৰ মেৰপেচত আবদ্ধ হৈ থাকিল জনজাতিকৰণৰ বিষয়টো ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande