মাকুমত পাইপ ফুটি অহৰহ ক্ৰুড অইল নিৰ্গত হৈ বিনষ্ট ১০০ বিঘাৰো অধিক খেতিপথাৰ
তিনিচুকীয়াৰ মাকুম লাইনা গাঁৱৰ পথাৰত কৃষকৰ মাজত হাহাকাৰ ।
মাকুমত পাইপ ফুটি অহৰহ ক্ৰুড অইল নিৰ্গত হৈ বিনষ্ট ১০০ বিঘাৰো অধিক খেতিপথাৰ


তিনিচুকীয়া, ৩০ অক্টোবৰ (হি.স.): তিনিচুকীয়া জিলাৰ মাকুম লাইনা গাঁৱৰ পথাৰত যোৱা কালি বুধবাৰে বিয়লি কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । অইল ইণ্ডিয়াৰ অসাৱধানতাৰ বাবেই মাকুমৰ লাইনা গাওঁখনৰ কৃষকৰ মাজত হাহাকাৰ লাগে । মাকুম লাইনা গাঁৱৰ পথাৰত নগাজান ওচিএছৰ পৰা পাইপ ফুটি অহৰহ ক্ৰুড অইল নিৰ্গত হৈ বিনষ্ট ১০০ বিঘাৰো অধিক খেতিপথাৰ।

ইফালে এই ভয়াৱহ ঘটনাৰ পাছতো সেই স্থানত উপস্থিত নহ'ল অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ। অইলৰ এনে কাণ্ডত ক্ষোভিত হৈ‌ পৰিছে চহা কৃষক সকল। মন কৰিবলগীয়া যে পূৰ্বেও উক্ত স্থানত সংঘটিত হৈছিল অনুৰূপ ঘটনা। নগাজান ওচিএছৰ পৰা পাইপ ফুটি তেল নিৰ্গত হৈ খেতি পথাৰ বিনষ্ট কৰাত কৃষক সকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। এইক্ষেত্ৰত অইল কৰ্তৃপক্ষৰ পৰা শীঘ্ৰেই ক্ষতিপূৰণ দাবী জনাইছে ৰাইজসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande