
২০০৫ চনৰ ৩১ অক্টোবৰত প্ৰখ্যাত কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ অমৃতা প্ৰীতমৰ মৃত্যু হয়। ভাৰতীয় সাহিত্যৰ অন্যতম শক্তিশালী নাৰী কণ্ঠ আছিল তেখেত। অমৃতা প্ৰীতমে পাঞ্জাবী আৰু হিন্দী উভয় ভাষাতে সাহিত্যক এক নতুন দিশ দিলে।
তেওঁৰ বিখ্যাত ৰচনাসমূহৰ ভিতৰত আছে পিঞ্জৰ, অগ্নি কুণ্ড, সাক্ষী, আৰু ৰসিদী টিকট (আত্মজীৱনী)। বিভাজনৰ ট্ৰেজেডীৰ আধাৰত নিৰ্মিত তেওঁৰ কবিতা আজ্জ আখান ৱাৰিছ শ্বাহ নু এতিয়াও আৱেগক আলোড়িত কৰি আছে।
সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অমৃতা প্ৰীতমে সাহিত্য অকাডেমী বঁটা, ভাৰতীয় জ্ঞানপীঠ বঁটা, পদ্মবিভূষণ আদি সন্মান লাভ কৰে। লেখাৰ জৰিয়তে তেওঁ প্ৰেম, দুখ, নাৰীৰ স্বাধীনতা, মানৱীয় আৱেগক অনন্যভাৱে প্ৰকাশ কৰিছিল।
গুৰুত্বপূৰ্ণ পৰিঘটনা-
১৭৫৯ – পেলেষ্টাইনৰ ছাফেদত সংঘটিত ভূমিকম্পৰ ফলত ১০০ জন লোকৰ মৃত্যু হয়।
১৮৬৪ - নেভাদা আমেৰিকাৰ ৩৬ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়।
১৯০৫ - আমেৰিকাৰ চেণ্ট পিটাৰ্ছবাৰ্গত বিপ্লৱী বিক্ষোভ সংঘটিত হয়।
১৯০৮ - লণ্ডনত চতুৰ্থ অলিম্পিক গেমছৰ সামৰণি পৰে।
১৯১৪ - ব্ৰিটেইন আৰু ফ্ৰান্সে তুৰস্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯২০ - মধ্য ইউৰোপৰ এখন দেশ ৰোমানিয়াই পূব ইউৰোপৰ বেছাৰাবিয়া দখল কৰে।
১৯৫৩ - বেলজিয়ামত টেলিভিছন সম্প্ৰচাৰ আৰম্ভ হয়।
১৯৫৬ - ব্ৰিটেইন আৰু ফ্ৰান্সে চুয়েজ খাল পুনৰ মুকলি কৰিবলৈ ইজিপ্তত বোমা বিস্ফোৰণ আৰম্ভ কৰে।
১৯৫৯ - ছোভিয়েট ইউনিয়ন আৰু ইজিপ্তৰ মাজত নীল নদীত আছোৱান বান্ধ নিৰ্মাণৰ চুক্তি স্বাক্ষৰিত হয়।
১৯৬০ - বংগ উপসাগৰত ঘূৰ্ণীবতাহৰ ফলত প্ৰায় দহ হাজাৰ লোকৰ মৃত্যু হয়।
১৯৬৬ - ভাৰতৰ বিখ্যাত সাঁতোৰবিদ মিহিৰ সেন সাঁতুৰি পানামা খাল পাৰ হয়।
১৯৭৮ - ইৰাণত তেল শ্ৰমিকৰ ধৰ্মঘট আৰম্ভ হয়।
১৯৭৮ - য়েমেনে নিজৰ সংবিধান গৃহীত কৰে।
১৯৮২ - পোপ জন পল দ্বিতীয় স্পেইন ভ্ৰমণ কৰা প্ৰথমজন বিচপ হয়।
১৯৮৪ - আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰে। ইয়াৰ পাছত ৰাজীৱ গান্ধী ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী হয়।
১৯৮৯ - তুৰগুট অজাল তুৰস্কৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
১৯৯৬ - ৰাসায়নিক অস্ত্ৰ নিষেধাজ্ঞা চুক্তি বলবৎ হ’বলৈ ৬৫খন দেশৰ প্ৰয়োজনীয় অনুমোদন লাভ কৰে।
২০০৩ - আজিৰ দিনটোতে হায়দৰাবাদত অনুষ্ঠিত হোৱা আফ্ৰ’-এছিয়ান হকী চেম্পিয়নশ্বিপত পাকিস্তানক ৩-১ গ’লত পৰাস্ত কৰি ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰে।
২০০৩ - মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহম্মদে চৰকাৰৰ বাঘজৰী উপ-প্ৰধানমন্ত্ৰী আব্দুল্লা আহমেদৰ হাতত অৰ্পণ কৰি ২২ বছৰীয়া শাসনৰ অন্ত পেলায়।
২০০৪ - আমেৰিকাই ফালুজাত বিমান আক্ৰমণ চলায়।
২০০৫ - পেলেষ্টাইন আৰু ইজৰাইলে হিংসা বন্ধ কৰিবলৈ সন্মত হয়। ৰাছিয়াই ভলকাৰ প্ৰতিবেদনত ইফাল সিফাল কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল। চীন আৰু নেপালে যৌথ সীমান্ত পৰিদৰ্শন কৰিবলৈ সন্মত হয়।
২০০৬ - শ্ৰীলংকা চৰকাৰে জাফনা উপদ্বীপত তামিল বিদ্ৰোহীয়ে সৈনিকৰ ওপৰত গুলী চলোৱাৰ অভিযোগ উত্থাপন কৰে।
২০০৮ - কেন্দ্ৰীয় কেবিনেটে দেশৰ ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ বিধেয়ক অনুমোদন কৰে।
২০১৫ - ৰাছিয়াৰ বিমান সংস্থা কোগালিমাভিয়াৰ ৯২৬৮ নং বিমান উত্তৰ চিনাইত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু বিমানখনত থকা ২২৪ জন লোকৰ মৃত্যু হয়।
জন্ম-
১৮৭৫ - আজিৰ দিনটোতে চৰ্দাৰ বল্লভভাই পেটেল - ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী।
১৮৮৯ - আজিৰ দিনটোতে নৰেন্দ্ৰ দেৱ - প্ৰখ্যাত ভাৰতীয় পণ্ডিত, সমাজবাদী, চিন্তাবিদ, শিক্ষাবিদ, আৰু দেশপ্ৰেমিক।
১৯২২ - নোৰোডম ছিয়েন'ক - কম্বোডিয়াৰ ৰজা।
১৯২৬ - নৰিন্দৰ সিং কাপানী - ভাৰতীয় মূলৰ আমেৰিকান পদাৰ্থবিজ্ঞানী।
১৯৪৩ - ওমমেন চাণ্ডী - ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ তথা কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
১৯৪৩ - ভাৰতীয় বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ জি মাধৱন নাইৰ।
১৯৬২ - সৰ্বানন্দ সোণোৱাল - অসমৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী আৰু ভাৰতৰ ষষ্ঠদশ লোকসভাৰ সদস্য।
১৯৭৭ - দেৱদীপ মুখোপাধ্যায় - ভাৰতৰ এজন প্ৰখ্যাত কম্পিউটাৰ বিজ্ঞানী।
মৃত্যু-
১৯৭৫ চনত শচীন দেৱ বৰ্মন - বাংলা আৰু হিন্দী চিনেমাৰ বিখ্যাত সুৰকাৰ আৰু গায়ক।
১৯৮৪ - ইন্দিৰা গান্ধী - ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী।
২০০১ - ব্ৰজ কুমাৰ নেহৰু - প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ খুলশালীয়েক বৃজলাল আৰু ৰামেশ্বৰী নেহৰুৰ পুত্ৰ।
২০০৫ - অমৃতা প্ৰীতম, বিখ্যাত কবি, ঔপন্যাসিক, আৰু প্ৰবন্ধকাৰ।
২০০৫ - পি লীলা - ভাৰতীয় তামিল চিনেমাৰ বিখ্যাত প্লেবেক গায়ক।
২০১৩ - কে পি ছাক্সেনা - ভাৰতীয় ব্যংগকাৰ আৰু সাহিত্যিক।
গুৰুত্বপূৰ্ণ দিন-
-ৰাষ্ট্ৰীয় একতা দিৱস।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া