ৰাজ্যত এতিয়াও সক্ৰিয় চাইবাৰ চক্ৰ-চৰকাৰী আঁচনিৰ ধন দিয়াৰ নামত প্ৰবঞ্চনা
চৰকাৰী আঁচনিৰ ধন দিয়াৰ নামত প্ৰবঞ্চনা চাইবাৰ চক্ৰৰ।
ৰাজ্যত এতিয়াও সক্ৰিয় চাইবাৰ চক্ৰ-চৰকাৰী আঁচনিৰ ধন দিয়াৰ নামত প্ৰবঞ্চনা


সহজ সৰল ব্যক্তিৰ নামত বেংক একাউণ্ট খুলি লাখে লাখে টকা হৰলুকী চাইবাৰ চক্ৰৰ

ধুবুৰী, ৩০ অক্টোবৰ (হি.স.): ধুবুৰীৰ জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত গেৰামাৰীত চৰকাৰী আঁচনিৰ ধন দিয়াৰ নামত সহজ সকল লোকক চাইবাৰ চক্ৰই প্ৰবঞ্চনা কৰাৰ ঘটনা পোহৰলৈ আহিছে। গেৰামাৰী দ্বিতীয় খণ্ড গাঁৱৰ একাংশ সহজ সৰল ব্যক্তিৰ নামত পৰ্বতঝোৰাৰ কাজিগাঁও থানাৰ অন্তৰ্গত দেৱীতলাৰ কাল ভাণ্ডাৰী গাঁৱৰ দুলাল ৰাভা নামৰ এজন ব্যক্তিয়ে বিটিচি চৰকাৰৰ চৰকাৰী আঁচনিৰ ধন সোমাই দিয়াৰ প্ৰলোভন দি বগৰীবাৰী এছবিআই শাখাত বেংক একাউণ্ট খুলিছিল।

ইফালে এই একাউন্টত লাখে লাখে টকা সোমাই আকৌ প্ৰকৃত বেংক একাউণ্টৰ গৰাকী অবিহনে ডিজিটেল মাধ্যমৰে সমূদায় ধন তুলি নিয়াৰ অভিযোগ উত্থাপিত কৰিছে বেংক একাউণ্টৰ গৰাকী সকলয়েে। সহজ সৰল ব্যক্তি সকলৰ বেংক একাউণ্ট লাখে লাখে টকা লেন দেন হোৱাত এতিয়া চিন্তিত হৈ ভুক্তভোগী ব্যক্তি সকলোৱে গৌৰীপুৰ থানাত যোৱা কালি বুধবাৰে সন্ধিয়া এজাহাৰ দাখিল কৰে। ভুক্ত ভোগী ৰাইজে এতিয়া গৌৰীপুৰ আৰক্ষীক এই ক্ষেত্ৰত তদন্ত কৰি বিহীত ব্যৱস্থা লোৱাৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande