কৃষি কৰ্মৰে উজলিছে নলবাৰীৰ পাঁচজন যুৱক
কেৱল ৰঙা লাও বিক্ৰী কৰি তিনি মাহতে লাভ কৰে ২০ লাখ টকা ।
কৃষি কৰ্মৰে উজলিছে নলবাৰীৰ পাঁচজন যুৱক


নলবাৰী, ৩০ অক্টোবৰ (হি.স.): কৃষি কৰ্মৰে উজলিছে নলবাৰী জিলাৰ পাঁচজন যুৱক। নলবাৰী চহৰৰ সমিপত থকা পাগলাদিয়া নদীৰ পাৰত প্ৰায় তিনিশ বিঘা কৃষি ভুমিত শংকৰদেৱৰ জৈৱিক কৃষি ফাৰ্ম খুলি বিগত ১৩ বছৰ ধৰি কৃষি কাৰ্যত নিয়োজিত হৈ অঞ্চটোৰ ২০টা পৰিয়ালক ভাত দিয়াৰ লগতে নিজেও সূন্দৰভাৱে পৰিয়াল পোহপাল দি সমগ্ৰ নলবাৰী জিলাতে আদৰ্শ হৈ পৰিছে নলবাৰীৰ এই পাঁচ যুৱক ।

প্ৰতি বছৰৰ দৰে এইবেলিও একশ বিঘা কৃষি ভুমিত ৰঙালাও খেতি কৰিছে নলবাৰীৰ পাছ যুৱকে । বিগত বৰ্ষত ৰঙা লাওৰ খেতি কৰি লাভ কৰিছিল ১৮লাখ টকা । এইবছৰ ২০ লাখ টকা পোৱা আশা কৰিছে ৰঙালাওৰ পৰা । উঠি অহা প্ৰজন্মৰ বাবে এক আদৰ্শ হৈ উজলিছে এই পাঁচ যুৱক ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande