নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ই উৎকোচ গ্ৰহণ কৰাৰ অপৰাধত দুটা পৃথক গোচৰত গ্ৰেপ্তাৰ কৰিছে দুজন চৰকাৰী বিষয়াক। আটকাধীন বিষয়া কেইজনৰ ভিতৰত গুজৰাটৰ গান্ধীনগৰৰ প্ৰতিৰক্ষা একাউণ্টৰ মহানিয়ন্ত্ৰক (চিজিডিএ)ৰ অডিটৰ অশোক কুমাৰ জাধৱ আৰু মহাৰাষ্ট্ৰৰ নন্দেদত থকা বিভাগীয় ৰে’লৱে চিকিৎসালয়ৰ মুখ্য কাৰ্যালয় অধীক্ষক লক্ষ্মীশংকৰ মথুৰাপ্ৰসাদ।
চিবিআইৰ মতে, প্ৰথমটো গোচৰত অভিযোগ উত্থাপন হৈছে যে পুনে বায়ুসেনা ঘাটিত চিচিটিভিৰ যোগান অৰ্ডাৰ ফাইলত অনুমোদন দিবলৈ অডিটৰ অশোক কুমাৰ জাধৱে ৪ লাখ টকা (২.৫ কোটি টকাৰ নিবিদা ধনৰ ২ শতাংশ) উৎকোচ দাবী কৰিছিল। অভিযোগৰ ভিত্তিত চিবিআইয়ে ৩০ ছেপ্টেম্বৰত তেওঁক ৩.৫ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰি ৰঙা হাতেৰে ধৰিছিল। আহমেদাবাদৰ পৰা ট্ৰেনজিট ৰিমাণ্ডত বিশেষ ন্যায়াধীশ পুনেৰ সন্মুখত হাজিৰ কৰোৱা হয় আৰু ৪ অক্টোবৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।
আন এটা গোচৰত নান্দেড় ৰেলৱে হাস্পতালৰ মুখ্য কাৰ্যালয় অধীক্ষক লক্ষ্মীশংকৰে ব্যক্তিগত কোম্পানী এটাৰ বাকী থকা বিল (৯১,৫৭৬₹) আৰু পাৰফৰমেন্স গ্যাৰাণ্টী (১.২৫ লাখ টকা) নিষ্পত্তি কৰিবলৈ ২৫ হাজাৰ ₹ৰ উৎকোচ দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। আলোচনাৰ অন্তত এই ধনৰাশি ₹২০,০০০ ত নিষ্পত্তি কৰা হয়। ২৯ ছেপ্টেম্বৰত উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে চিবিআইয়ে তেওঁৰ ঘৰত ৰঙা হাতেৰে গ্ৰেপ্তাৰ কৰিছিল। চিবিআইয়ে দুয়োগৰাকী বিষয়াৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলায়। অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ