নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাগাৰত বন্দী সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমোৱে ৱাংচুকৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। যোৱা ২৬ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱা ৱাংচুক বৰ্তমান ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত বন্দী হৈ আছে।
গীতাঞ্জলিৰ হৈ অধিবক্তা সৰ্বম ৰীতম খাৰে দাখিল কৰে এই আৱেদন। আবেদনখনত সোণম ৱাংচুকৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই তেওঁৰ শীঘ্ৰেই মুক্তি বিচাৰিছে। গীতাঞ্জলীয়ে আবেদনখনত উল্লেখ কৰিছে যে ৱাংচুকক গ্ৰেপ্তাৰ কৰাৰ এসপ্তাহৰ পাছতো তেওঁৰ স্বাস্থ্যৰ কোনো তথ্য নাই।
মন কৰিবলগীয়া যে ৱাংচুকে লাডাখৰ বাবে সম্পূৰ্ণ ৰাজ্যৰ দাবী জনাইছিল। লাডাখত প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনাৰ পিছত গুলীচালনাত চাৰিজন লোক নিহত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া