অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী
কাবুল, ০৩ অক্টোবৰ (হি.স.)। আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুক্তাকীয়ে ৯ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ বিদেশ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ভাৰত ভ্ৰমণ কৰিব। আফগান চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে বৈদেশিক মন্ত
तालिबानी विदेशमंत्री की भारत यात्रा


কাবুল, ০৩ অক্টোবৰ (হি.স.)। আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুক্তাকীয়ে ৯ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ বিদেশ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ভাৰত ভ্ৰমণ কৰিব।

আফগান চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে বৈদেশিক মন্ত্ৰী মুক্তাকি ৯ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ বিদেশ ভ্ৰমণলৈ যাব। ভ্ৰমণৰ প্ৰথম লেগত তেওঁ অহা ৯ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ নতুন দিল্লী ভ্ৰমণ কৰিব। ভাৰত ভ্ৰমণৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ উন্নয়নৰ অংশীদাৰিত্ব শক্তিশালী কৰা।

আফগানিস্তানে ভাৰতীয় বিনিয়োগেৰে নিৰ্মিত সংসদ ভৱন, বান্ধ, পথকে ধৰি প্ৰায় ৩ বিলিয়ন ডলাৰৰ বৃহৎ প্ৰকল্পৰ কাম চলি আছে। এইবোৰৰ সৈতে জড়িত বিষয়সমূহো তেওঁৰ ভ্ৰমণৰ সময়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে ২০২১ চনৰ আগষ্ট মাহত তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ পিছৰে পৰা আৰু পূৰ্বৰ আফগান চৰকাৰৰ পতনৰ পিছৰে পৰা মুক্তাকিয়ে আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী হিচাপে কাম কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ভ্ৰমণৰ ৰেহাই দিয়াত তেওঁ ভাৰত ভ্ৰমণলৈ ওলাইছে। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিবলৈ তেওঁক ১৯৮৮ চনৰ ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা সমিতিৰ পৰা ৰেহাইৰ প্ৰয়োজন হৈছিল, যিটো তেওঁ ৩০ ছেপ্টেম্বৰত লাভ কৰিছিল।

ভাৰতে আফগানিস্তানৰ ইছলামিক এমিৰেটক আনুষ্ঠানিকভাৱে স্বীকৃতি নিদিয়ে যদিও মানৱীয় সাহায্য আৰু বাণিজ্যৰ সুবিধাৰ বাবে চাবাহাৰ বন্দৰ প্ৰকল্প আৰু কূটনৈতিক যোগাযোগৰ জৰিয়তে ২০২১ চনৰ পৰা কাৰ্যতঃ ইয়াৰ সৈতে জড়িত হৈ আছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ডুবাইত মুত্তাকীৰ সৈতে সাক্ষাৎ কৰি আফগানিস্তানৰ স্বাস্থ্য খণ্ডলৈ ভাৰতৰ মানৱীয় সাহায্য আৰু শৰণাৰ্থী পুনৰ সংস্থাপনৰ বিষয়ে আলোচনা কৰিছিল।

উল্লেখযোগ্য যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পাকিস্তান, আফগানিস্তান আৰু ইৰাণ বিভাগৰ যুটীয়া সচিব আনন্দ প্ৰকাশে চলিত বৰ্ষৰ এপ্ৰিল মাহত কাবুলত মুক্তাকীৰ সৈতে সাক্ষাৎ কৰিছিল। মে’ মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰেও পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন সিন্দৰৰ কিছু সময়ৰ পিছতে মুক্তাকীৰে কথা পাতিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande