যোৰহাট, ০৩ অক্টোবৰ (হি.স.)। আহিনীয়া বানে উটুৱাই নিলে সপোনৰ ঘৰখন। দিশহাৰা টীয়ক এজাৰগুৰিৰ তিনিটা পৰিয়াল। জাঁজী নদীৰ জলপৃষ্ঠ আজি কিছু পৰিমাণে হ্ৰাস পাইছে যদিও আহিনীয়া বানে দিশহাৰা কৰিলে টীয়কৰ এক বৃহৎ অঞ্চলৰ ৰাইজক। নিশাটোৰ ভিতৰতে ক্ষীপ্ৰ গতিত বাঢ়ি অহা জাঁজী নদীৰ সোঁতে বুধবাৰে নিশা ছিঙি লৈ গৈছিল এইটো ৰিং বান্ধ।লগে লগেই ঠিকনা বিহীন হৈ পৰিল তিনিটা পৰিয়াল।
কণমানি সন্তানক বুকুত সাৱটি কঠমপি প্ৰাণ বচালে যদিও ঘৰকেইখন নিশ্চিহ্ন হৈ পৰিল।এয়া টীয়ক ৰাজহ চক্ৰ অধীনৰ এজাৰগুৰি অঞ্চলৰ দৃশ্য। ৰবিন দলে,নৱজ্যোতি দলে আৰু অমৰজ্যোতি দলে নামৰ ব্যক্তি কেইগৰাকী এতিয়া ঠিকনা বিহীন। ৰবিন দলেৰ ঘৰখনৰ একেবাৰে চিন-মোকাম নাইকীয়া কৰিলে প্ৰলয়ংকাৰী বানে। আনকি জীৱন জীৱিকাৰ ভৰষা পশুধন কেইটাও উটুৱাই লৈ গ'ল বানে । পৰিতাপৰ কথা বুধবাৰে নিশাই সপোনৰ ঘৰখন চকুৰ প্ৰচাৰে উটুৱাই লৈ যোৱাৰ পাছত আজি পৰ্যন্ত খাদ্য সামগ্ৰী যোগান নধৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্ত ভোগী পৰিয়ালকেইটাৰ লগতে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা