মৰিগাঁও, ০৩ অক্টোবৰ (হি.স.)। জাগীৰোডত শ্ৰীশ্ৰী শঙ্কৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ উদযাপন। জাগীৰোডৰ শ্ৰীশ্ৰী শঙ্কৰদেৱ নামঘৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৫৭৬ সংখ্যক শ্ৰীশ্ৰী শঙ্কৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱৰ আজি দ্বিতীয় দিন।
পুৱাতে খোল প্ৰসঙ্গৰ পিছতেই উলিওৱা হয় ভাগৱত ভ্ৰমণ। এই ভাগৱত ভ্ৰমণত জাগীৰোডৰ ভালেসংখ্যক ভকতৰ অংশগ্ৰহণৰে কৰো সমগ্ৰ জাগীৰোড চহৰৰ পৰিভ্ৰমণ কৰা হয় । এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে জাগীৰোডৰ ৰাজপথ। খোল-তালৰ শব্দৰে মুখৰিত হয় জাগীৰোডৰ চৌদিশ । কাইলৈ অনুষ্ঠিত হ'ব ৰুক্মিণী হৰণ শীৰ্ষক অঙ্কীয়া ভাওনা। ইফালে উতসৱৰ এই অনুষ্ঠানত বহু স্থানীয় লোকে অংশগ্ৰহণ কৰে। বহু লোকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই এতিয়াও শোকৰ সাগৰত ডুবি আছে আৰু কেৱল মাত্ৰ ্ঠ আনুষ্ঠানিকতা বজাইহে উতসৱ উদযাপনত অংশগ্ৰহণ কৰা বুলিও বহু লোকে মন্তব্য কৰে। আনহাতে উপস্থিত সকলোৱে অতি শীঘ্ৰে জুবিন গাৰ্গক অকালতে মৃত্যুৰ গৰাহলৈ থেলি দিয়া দোষী ব্যক্তিক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / Narayan Kar