মাৰ্ঘেৰিটাত সম-জিলা ভিত্তিত শংকৰ জন্মোৎসৱ উদযাপন। বিশাল ভাগৱত ভ্ৰমণ ও ধৰ্মীয় শোভাযাত্ৰা
তিনিচুকীয়া, ০৩ অক্টোবৰ (হি.স.)। মাৰ্ঘেৰিটাত সম-জিলা ভিত্তিত শংকৰ জন্মোৎসৱ উদযাপন। বিশাল ভাগৱত ভ্ৰমণ ও ধৰ্মীয় শোভাযাত্ৰা l দ্বিতীয় বৈকুণ্ঠ পুৰিত পৰিণত জন্মোৎসৱ স্থলী। মাৰ্ঘেৰিটাত সম-জিলা ভিত্তিত ৪ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শংকৰ জন্মোৎসৱৰ আয়োজন। ম
মাৰ্ঘেৰিটাত সম-জিলা ভিত্তিত শংকৰ জন্মোৎসৱ উদযাপন।  বিশাল ভাগৱত ভ্ৰমণ ও ধৰ্মীয় শোভাযাত্ৰা l


তিনিচুকীয়া, ০৩ অক্টোবৰ (হি.স.)। মাৰ্ঘেৰিটাত সম-জিলা ভিত্তিত শংকৰ জন্মোৎসৱ উদযাপন। বিশাল ভাগৱত ভ্ৰমণ ও ধৰ্মীয় শোভাযাত্ৰা l দ্বিতীয় বৈকুণ্ঠ পুৰিত পৰিণত জন্মোৎসৱ স্থলী। মাৰ্ঘেৰিটাত সম-জিলা ভিত্তিত ৪ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শংকৰ জন্মোৎসৱৰ আয়োজন।

মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱভাগি মাৰ্ঘেৰিটা সমজিলাৰ ১৩৪ টা নামঘৰৰ সমূহীয়া মঞ্চ মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ সৌজন্যত এইবাৰ বজালনি বৰনামঘৰত ২ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত কৰা হৈছে। প্ৰথম দিনা কাৰ্যসূচী অনুসৰি প্ৰতি নামঘৰে নিজৰ নিজৰ নামঘৰত গুৰুজনাৰ জন্মোৎসৱভাগি পালনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।

আজি দ্বিতীয় দিনা পুৱা অসমীয়া হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতে জগতগুৰু শ্রীমন্ত শঙ্কৰদেৱ জন্মোৎসৱৰ লগত সংগতি ৰাখি এক বিশাল ভাগৱত ভ্ৰমণ ও ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰাৰ হয়। মাৰ্ঘেৰিটা সম-জিলা বিভিন্ন নামঘৰে এই ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰা লগতে বিভিন্ন ধৰ্মীয় সাংস্কৃতিক দলেও এই অংশগ্ৰহণ কৰে।

খোল তালৰ শব্দত দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হৈ পৰে সমগ্ৰ অঞ্চলটো।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande