চৰাইদেউ, ০৩ অক্টোবৰ (হি.স.)। চৰাইদেউ জিলাৰ সোণাৰিত নাহৰফুটুকি বাঘৰ তাণ্ডৱ। ইফালে তাণ্ডৱ চলোৱা বাঘটোক অৱশেষত বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়। সুন্দৰপুৰ চাহ বাগিছাত নাহৰফুটুকি বাঘটোক পিঞ্জৰাবদ্ধ কৰা হয়।
জানিব পৰা অনুসৰি অঞ্চলটোত বহু দিনৰ পৰা বাঘটোৱে বিচৰণ কৰি পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। বহু দিন ধৰি এই ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰিছিল স্থানীয় বাসিন্দাই। পিছত বৃহস্পতিবাৰে বন বিভাগে বাঘটোক পিঞ্জৰাবদ্ধ কৰে।
বন বিভাগে পতা এটা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় বাঘটো৷ দীৰ্ঘদিন বাঘটোৱে অঞ্চলটোত চলাইছিল সন্ত্ৰাস৷ ইফালে বাঘ ধৰা বুলি খবৰ লাভ কৰি স্থানীয় ৰাইজৰ লগতে ওচৰৰ গাওসমূহৰ পৰাও বহু লোকে বাঘ চাবলৈ সেই ঠাইত একত্ৰিত হয়। পিছত
আজি বৰহাট বন বিভাগে জয়পুৰ বনাঞ্চলত মুকলি কৰি দিয়ে বাঘটো৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা