গুৱাহাটী, ০৩ অক্টোবৰ (হি.স.)। আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত চিভ’ক–ৰংপো প্ৰকল্পৰ অধীনৰ চিভ’ক ষ্টেচনত য়াৰ্ড ৰি-মডেলিঙৰ বাবে ৮ আৰু ৯ অক্টোবৰ তাৰিখে প্ৰি-নন-ইন্টাৰলকিং কাৰ্য আৰু ১০ ৰ পৰা ১৫ অক্টোবৰ তাৰিখলৈ নন-ইন্টাৰলকিং কাৰ্যৰ বাবে নিম্নলিখিত ৰে’লসমূহৰ সময়সূচী পুনঃনিৰ্ধাৰণ, পথ পৰিৱৰ্তন আৰু নিয়ন্ত্ৰণ কৰা হ’ব। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে ৰে’ল সেৱাৰ সময়সূচী পুনঃনিৰ্ধাৰণ ভিতৰত মূলতঃ
৮ ৰ পৰা ১১ অক্টোবৰ, ২০২৫ তাৰিখ পৰ্যন্ত ৰে’ল নং ৭৫৭১৪ (বামনহাট - শিলিগুড়ী জং.) ডেমু পুৱা ৫:০০ বজাৰ পৰিৱৰ্তে পুৱা ৮:০০ বজাত যাত্ৰা আৰম্ভ কৰিব।
৮ ৰ পৰা ১১ অক্টোবৰ, ২০২৫ তাৰিখ পৰ্যন্ত ৰে’ল নং ৭৫৭২৫ (শিলিগুড়ী জং. - নিউ বঙাইগাঁও) ডেমু পুৱা ১০:৫০ বজাৰ পৰিৱৰ্তে দুপৰীয়া ১:০০ বজাত যাত্ৰা আৰম্ভ কৰিব।
১৫ অক্টোবৰ, ২০২৫ তাৰিখে, ৰে’ল নং ৭৫৭২৬ (নিউ বঙাইগাঁও - শিলিগুড়ী জং.) ডেমু পুৱা ৬:৩০ বজাৰ পৰিৱৰ্তে পুৱা ৯:৩০ বজাত যাত্ৰা আৰম্ভ কৰিব।
১৫ অক্টোবৰ, ২০২৫ তাৰিখে, ৰে’ল নং ৭৫৭১৩ (শিলিগুড়ী জং. - বামনহাট) ডেমু বিয়লি ১৬:০৫ বজাৰ পৰিৱৰ্তে বিয়লি ১৭:৩০ বজাত যাত্ৰা আৰম্ভ কৰিব।
৯ অক্টোবৰ, ২০২৫ তাৰিখে, ৰে’ল নং ১৫৬২১ (কামাখ্যা - আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ, পুৱা ৫:০০ বজাৰ পৰিৱৰ্তে পুৱা ৬:০০ বজাত যাত্ৰা আৰম্ভ কৰিব।
১০ আৰু ১৫ অক্টোবৰ, ২০২৫ তাৰিখে, ৰে’ল নং ১৫৪৮৩ (আলিপুৰদুৱাৰ জং. – দিল্লী) ছিকিম মহানন্দা এক্সপ্ৰেছ, পুৱা ১০:৩০ বজাৰ পৰিৱৰ্তে ক্ৰমে দুপৰীয়া ১৩:০০ বজা আৰু বিয়লি ১৫:০০ বজাত যাত্ৰা আৰম্ভ কৰিব।
১০ আৰু ১৫ অক্টোবৰ, ২০২৫ তাৰিখে, ৰে’ল নং ১৩২৪৭ (কামাখ্যা - ৰাজেন্দ্ৰ নগৰ) কেপিটেল এক্সপ্ৰেছ, পুৱা ৬:১৫ বজাৰ পৰিৱৰ্তে ক্ৰমে পুৱা ৮:০০ বজা আৰু পুৱা ১০:০০ বজাত যাত্ৰা আৰম্ভ কৰিব।
ৰে’লৰ পথ পৰিৱৰ্তন:
ৰে’ল নং ১৩২৪৮ (আৰা – কামাখ্যা) কেপিটেল এক্সপ্ৰেছ, ১৪ অক্টোবৰ, ২০২৫ তাৰিখে, শিলিগুড়ী জং., নিউ জলপাইগুড়ী জং., নিউ কোচবিহাৰ, নিউ আলিপুৰদুৱাৰ, নিউ বঙাইগাঁও হৈ চলাচল কৰিব আৰু জলপাইগুড়ী ৰোড, ধূপগুড়ী, ফালাকাটা, নিউ কোচবিহাৰ আৰু নিউ আলিপুৰদুৱাৰত সাময়িক ষ্টপেজ প্ৰদান কৰা হ’ব।
ৰে’ল নং ১৯৬১৫ (উদয়পুৰ চিটি – কামাখ্যা) কবিগুৰু এক্সপ্ৰেছ, ১৩ অক্টোবৰ, ২০২৫ তাৰিখে, নিউ জলপাইগুড়ী জং., ৰাণীনগৰ জলপাইগুড়ী, ধূপগুড়ী, নিউ কোচবিহাৰ, নিউ আলিপুৰদুৱাৰ, শামুকতলা ৰোড, নিউ বঙাইগাঁও হৈ চলিব আৰু ধূপগুড়ী, নিউ কোচবিহাৰ আৰু নিউ আলিপুৰদুৱাৰত সাময়িক ষ্টপেজ প্ৰদান কৰা হ’ব।
ৰে’লৰ নিয়ন্ত্ৰণ:
ৰে’ল নং ১৫৪৮৪ (দিল্লী - আলিপুৰদুৱাৰ জং.) ছিকিম মহানন্দা এক্সপ্ৰেছ, ১৪ অক্টোবৰ, ২০২৫ তাৰিখে, কাটিহাৰ মণ্ডলত উপযুক্তভাৱে নিয়ন্ত্ৰণ কৰা হ’ব।
ৰে’ল নং ১৫৪৬৮ (বামনহাট – শিলিগুড়ী জং.) এক্সপ্ৰেছ, ১৫ অক্টোবৰ, ২০২৫ তাৰিখে, যাত্ৰা পথত উপযুক্তভাৱে নিয়ন্ত্ৰণ কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ