ডিগবৈৰ গঙ্গাধৰ ক্ষেত্ৰত আই সকলৰ নাম প্ৰসংগ সম্পন্ন
তিনিচুকিয়া, ০৩ অক্টোবৰ (হি.স.)। ডিগবৈত গঙ্গাধৰ ক্ষেত্ৰত আই সকলৰ নাম প্ৰসংগ সম্পন্ন হয়। বিগত কিছু বছৰৰ পৰা গঙ্গাধৰ ক্ষেত্ৰত এইদৰে নাম প্ৰসংগ অনুষ্ঠিত হৈ আহিছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱত আজি মহিলা সকলৰ আই নাম প্ৰসংগ অনুস্থানত তিনি শতা
ডিগবৈত গঙ্গাধৰ ক্ষেত্ৰত আইসকলৰ নাম প্ৰসংগ সম্পন্ন।


তিনিচুকিয়া, ০৩ অক্টোবৰ (হি.স.)। ডিগবৈত গঙ্গাধৰ ক্ষেত্ৰত আই সকলৰ নাম প্ৰসংগ সম্পন্ন হয়। বিগত কিছু বছৰৰ পৰা গঙ্গাধৰ ক্ষেত্ৰত এইদৰে নাম প্ৰসংগ অনুষ্ঠিত হৈ আহিছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱত আজি মহিলা সকলৰ আই নাম প্ৰসংগ অনুস্থানত তিনি শতাধিক মহিলা সমবেত হৈ নাম-কীৰ্তন কৰে। শিৱসাগৰ সাউদকুচি সত্ৰৰ তুমণি মহন্ত নামাচাৰ্য্য আৰু শিৱসাগৰৰ ৰূপৰেখা বৰুৱা পাঠেকী হিচাপে নাম প্ৰসংগ অনুষ্ঠান পৰিচালনা কৰে। অনুষ্ঠানত ভাগৱত পাঠো কৰা হয়।

অঞ্চলটোৰ সকলো ভক্তপ্ৰাণ মহিলাে অতি আগ্ৰহেৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আয়োজিত নাম প্ৰসংগত অংশগ্ৰহণ কৰে।

মহিলা সকলৰ দিহানাম পৰিবেশনেৰে বৈকুণ্ঠ পুৰিলৈ পৰ্যবেশিত হ'ল গঙ্গাধৰ ক্ষেত্ৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande