এনএইচএআয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্প নিৰ্দিষ্ট তথ্যৰ সৈতে স্থাপন কৰিব কিউআৰ কোড ছাইন ব’ৰ্ড
নতুন দিল্লী, ০৩ অক্টোবৰ(হি.স.)। স্বচ্ছতা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰী সকলক ''যাতায়াতৰ সহজতা'' প্ৰদান কৰিবলৈ এন এইচ এ আয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহাযোৱা কৰা যাত্ৰী সকলক প্ৰাসংগিক প্ৰকল্পৰ নিৰ্দিষ্ট তথ্য আৰু জৰুৰীকালীন হেল্পলাইন নম্বৰ প্ৰদ
এনএইচএআয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্প নিৰ্দিষ্ট তথ্যৰ সৈতে স্থাপন কৰিব কিউআৰ কোড ছাইন ব’ৰ্ড


নতুন দিল্লী, ০৩ অক্টোবৰ(হি.স.)। স্বচ্ছতা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰী সকলক 'যাতায়াতৰ সহজতা' প্ৰদান কৰিবলৈ এন এইচ এ আয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহাযোৱা কৰা যাত্ৰী সকলক প্ৰাসংগিক প্ৰকল্পৰ নিৰ্দিষ্ট তথ্য আৰু জৰুৰীকালীন হেল্পলাইন নম্বৰ প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত 'কুইক ৰেছপন্স (কিউ আৰ) কোড' ৰ সৈতে প্ৰকল্প তথ্য সংকেত ফলক স্থাপন কৰিব।

উলম্ব কিউ. আৰ. কোড ছাইন ব’ৰ্ড সমূহে ৰাষ্ট্ৰীয় ঘাইপথৰ নম্বৰ, ঘাইপথৰ শৃংখলা, প্ৰকল্পৰ দৈৰ্ঘ্য, নিৰ্মাণ/ৰক্ষণাবেক্ষণৰ সময়সীমা, ঘাইপথ পেট্ৰ’লৰ বাবে যোগাযোগ নম্বৰ, টোল মেনেজাৰ, প্ৰকল্প মেনেজাৰ, আবাসিক অভিযন্তা, জৰুৰীকালীন হেল্পলাইন ১০৩৩, এন. এইচ. এ. আই. আঞ্চলিক কাৰ্যালয়ৰ লগতে চিকিৎসালয়, পেট্ৰ’ল পাম্প, শৌচাগাৰ, আৰক্ষী ষ্টেচন, ৰেষ্টোৰেণ্ট, টোল প্লাজালৈ দূৰত্ব, ট্ৰাক লে-বাই, পাঞ্চাৰ মেৰামতিৰ দোকান আৰু বাহন ছাৰ্ভিছ ষ্টেচন/ই-চাৰ্জিং ষ্টেচন আদিৰ দৰে নিৰ্দিষ্ট সুবিধা সমূহৰ বিষয়ে সবিশেষ তথ্য প্ৰদান কৰিব।

দৃশ্যমানতা বৃদ্ধিৰ বাবে, ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰী সকলৰ সুবিধাৰ বাবে পথৰ কাষৰ সুবিধা, বিশ্ৰাম ক্ষেত্ৰ, টোল প্লাজা, ট্ৰাক লে-বাই, হাইৱে ষ্টাৰ্ট/এণ্ড পইণ্ট, আৰু সংকেতৰ ওচৰত 'কিউ আৰ কোড' ছাইন ব' ৰ্ড স্থাপন কৰা হ'ব।

ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়ে নিৰ্দিষ্ট তথ্য প্ৰদান কৰা আৰু স্বচ্ছতা বৃদ্ধি কৰাৰ উপৰি, কিউ আৰ কোড ছাইন ব’ৰ্ডে কেৱল জৰুৰীকালীন আৰু স্থানীয় তথ্যৰ উন্নত প্ৰৱেশাধিকাৰৰ জৰিয়তে পথ সুৰক্ষা বৃদ্ধি কৰাত সহায় কৰাই নহয় বৰঞ্চ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়ে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা আৰু সজাগতা উন্নত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande