বিকানেৰ, ০৩ অক্টোবৰ (হি.স.)। ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয় যে অপাৰেচন সিন্দুৰত ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰি ১০০ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছিল। শ্ৰীগংগনগৰ জিলাৰ ২২ এম ডি গাঁৱৰ গাডছানাত থকা সেনা চাউনীত জোৱানসকলক সম্বোধন কৰি সেনা প্ৰধানগৰাকীয়ে কয় যে যেনেকৈ ভাৰতে অপাৰেচন সিন্দুৰ ১.০ৰ সময়ত সংযম পালন কৰিছিল, এইবাৰ ভাৰতে সেই সংযম ৰক্ষা নকৰে। এইবাৰ আমি আৰু অধিক পদক্ষেপ লৈ এনে ব্যৱস্থা লম যে পাকিস্তানে ভূগোলত থাকিব বিচাৰে নে নাই সেই বিষয়ে পুনৰ বিবেচনা কৰিব লাগিব।
জেনেৰেল দ্বিবেদীয়ে কয় যে অপাৰেচন সিন্দুৰ আমাৰ জীৱনত ইমানেই গভীৰভাৱে শিপাই গৈছে যে আমি জীয়াই থকালৈকে ই আমাৰ লগত থাকিব। যদি পাকিস্তানে বিশ্বৰ মানচিত্ৰত (ভূগোলত) নিজৰ স্থান অটুট ৰাখিব বিচাৰে তেন্তে সন্ত্ৰাসবাদক আশ্ৰয় দি অহা পাকিস্তানে এতিয়া সন্ত্ৰাসবাদ বন্ধ কৰিব লাগিব। সেনা প্ৰধানে জোৱানসকলক ক’লে যে এতিয়াই সম্পূৰ্ণ সাজু হওক, ভগৱানে ইচ্ছা কৰিলে অতি সোনকালে এই সুযোগ পাব।
তেওঁ কয় যে এই দেশৰ যিকোনো মহিলাই যেতিয়াই কঁপালত সেন্দুৰ লগায় তেতিয়াই তেওঁ অপাৰেচন সিন্দুৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় সেনাৰ জোৱানসকলৰ কথা মনত পেলায়। এইবাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ অভিযান অপাৰেচন সিন্দুৰৰ নাম একেই ৰখা হৈছিল, পূৰ্বৰ অভিযানৰ দৰে নহয়, যিবোৰৰ নাম বেলেগ বেলেগ আছিল।
সেনা প্ৰধানগৰাকীয়ে কয় যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যেতিয়া ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল তেতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ পিছফালে সমবেত হৈছিল। সমগ্ৰ বিশ্বই এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছিল। তেওঁ কয় যে ভাৰতে পাকিস্তানত ৯ টা টাৰ্গেটত আঘাত হানিছে, ইয়াৰে ৭ টা টাৰ্গেটত সেনাবাহিনীয়ে আৰু দুটা টাৰ্গেটত বায়ুসেনাই আঘাত কৰিছে।
সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়েও কয় যে ভাৰতে ধ্বংস কৰা সন্ত্ৰাসবাদী আত্মগোপন স্থানৰ প্ৰমাণ বিশ্ববাসীক দেখুৱাইছে। যদি ভাৰতে এই প্ৰমাণ দেখুৱাব নোৱাৰিলেহেঁতেন তেন্তে পাকিস্তানে এই সকলোবোৰ লুকুৱাই ৰাখিলেহেঁতেন। তেওঁ কয় যে এইবাৰ ভাৰত সম্পূর্ণৰূপে প্রস্তুত ৷ সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অপাৰেচন সিন্দুৰ ১.০ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে তিনিজন সেনা বিষয়াক বিশেষভাৱে সন্মান জনায়। বি এছ এফৰ ১৪০ নং বেটেলিয়নৰ কমাণ্ডেণ্ট প্ৰভাকৰ সিং, ৰাজপুতনা ৰাইফলছৰ মেজৰ ৰিতেশ কুমাৰ আৰু হাবিলদাৰ মোহিত গেৰাক সম্বৰ্ধনা জনোৱা হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ