নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত পাকিস্তানী নিৰাপত্তা বাহিনীয়ে নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত কৰা অত্যাচাৰক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এইক্ষেত্ৰত ভাৰতে আজি আন্তঃৰাষ্ট্ৰীয় সমাজক আহ্বান জনায় যে দেশখনে অবৈধভাৱে দখল কৰা ভাৰতৰ ভূখণ্ডত সংঘটিত হোৱা “ভয়ংকৰ মানৱ অধিকাৰ উলংঘা”ৰ বাবে চুবুৰীয়া দেশখনক জবাবদিহি কৰিব লাগে।
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সাপ্তাহিক ব্রিফিঙৰ প্রশ্নৰ উত্তৰত বৈদেশিক পৰিক্রমা মন্ত্র্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই মন্তব্য কৰে ৷ তেওঁ কয়, ‘পাকিস্তান দখলত থকা জম্মু-কাশ্মীৰৰ কেইবাটাও অঞ্চলত পাকিস্তানী সেনাই নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত কৰা নিষ্ঠুৰতাকে ধৰি প্ৰতিবাদৰ খবৰ পাইছো।
তেওঁ কয়, আমি বিশ্বাস কৰোঁ যে এই প্ৰতিবাদসমূহ পাকিস্তানৰ দমনমূলক পন্থা আৰু ইয়াৰ বলপূৰ্বক আৰু অবৈধ দখলৰ অধীনত এই অঞ্চলসমূহত ইয়াৰ পদ্ধতিগত সম্পদ লুণ্ঠনৰ স্বাভাৱিক পৰিণতি। পাকিস্তানক ইয়াৰ ভয়ানক মানৱ অধিকাৰ উলংঘাৰ বাবে জবাবদিহি কৰিব লাগে।
উল্লেখযোগ্য যে বিগত এসপ্তাহ ধৰি পাকিস্তান দখল কাশ্মীৰত চলি থকা প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিত কমেও ১২ জন লোকৰ মৃত্যু হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ