চেন্নাই, ০৩ অক্টোবৰ (হি.স.)। তামিলনাডুৰ ৰাজধানী চেন্নাইত শুকুৰবাৰে আৰক্ষীলৈ প্ৰেৰণ কৰা বোমাৰ ভাবুকি ইমেইলৰ ধাৰাবাহিকতাই আলোড়নৰ সৃষ্টি কৰাৰ ফলত মহানগৰীৰ কেইবাটাও হাই-প্ৰফাইল স্থানত তালাচী চলোৱা হয়, য’ত মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিন, গৱৰ্ণৰ আৰ.এন. ৰবি, অভিনেত্ৰী তৃষা, অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়, আৰু এছ.ভি. শেখৰ, বিজেপিৰ ৰাজ্যিক সদৰ কমলালয়াম আদি অন্য়তম।
ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণৰ ভাবুকিয়ে তামিলনাডুৰ ৰাজধানী চেন্নাইলৈ আতংকৰ জোৱাৰ সৃষ্টি কৰে। বিখ্যাত অভিনেত্ৰী তৃষাৰ ঘৰত বোমা স্থাপনৰ তথ্য লাভ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে টেইনাম্পেটত থকা তাইৰ ঘৰত উপস্থিত হৈ কুকুৰৰ দলৰ সহায়ত পুংখানুপুংখ তালাচী চলায় যদিও সন্দেহজনক একো নাপালে।
আৰক্ষীৰ মতে, বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিন, গৱৰ্ণৰ হাউচ, বিজেপিৰ ৰাজ্যিক কাৰ্যালয়, অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ৰ বাসগৃহ, আৰু এছ.ভি. শেখৰ, কিন্তু সন্দেহজনক একো পোৱা নগ’ল। অৱশ্যে আলৱাৰপেটস্থিত মুখ্যমন্ত্ৰী ষ্টেলিনৰ বাসগৃহত নিৰাপত্তা কটকটীয়া কৰা হৈছে। আন স্থানতো নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে, আৰু চহৰখনৰ কেইবাটাও স্থানত এতিয়াও তালাচী অব্যাহত আছে।
আৰক্ষীৰ তদন্তত নিশ্চিত হৈছে যে সকলো ভাবুকি ভুৱা আছিল। আৰক্ষীয়ে জনোৱা মতে, এই ভাবুকিসমূহ প্ৰায় প্ৰতিদিনে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আৰু অন্যান্য বিষয়াসকলৰ কাৰ্যালয়লৈ ইমেইলযোগে প্ৰেৰণ কৰা হৈছিল, বাৰে বাৰে এলাৰ্ম কৰা হৈছিল। যোৱা নিশাও একেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।
তদন্তৰ অন্তত আৰক্ষীয়ে এই সিদ্ধান্তত উপনীত হয় যে এইবোৰ হ’ক্স ফোন। এটা গোচৰ ৰুজু কৰা হৈছে, আৰু ফোন নম্বৰৰ ভিত্তিত ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা ব্যক্তিজনক চিনাক্ত কৰাৰ প্ৰচেষ্টা চলি আছে। এই ঘটনাই চেন্নাইত কেইঘণ্টামানৰ বাবে আতংক আৰু উদ্বিগ্নতাৰ সৃষ্টি কৰিছিল যদিও কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নোহোৱাত জনতাই সকাহৰ নিশ্বাস লৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া