কাঠমাণ্ডু, ০৩ অক্টোবৰ (হি.স.)। বতৰ বিজ্ঞান বিভাগে আগন্তুক দুদিনলৈ সমগ্ৰ দেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী প্ৰকাশ কৰিছে। ইয়াৰ পিছতে নেপাল চৰকাৰে সকলো নাগৰিকক সতৰ্ক কৰি দিয়াৰ লগতে আগন্তুক দুদিনলৈ কোনো ঘাইপথত নিশা যাতায়ত নিষিদ্ধ কৰিছে। নেপাল চৰকাৰে সমগ্ৰ দেশৰ জিলা প্ৰশাসনসমূহক হাই এলাৰ্ট আৰু জিলা দুৰ্যোগ আৰু সাহায্যকাৰী দলসমূহক বান আৰু ভূমিস্খলনৰ সম্ভাৱনাৰ বাবে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে।
বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে এক সতৰ্কবাণী জাৰি কৰি শনিবাৰে পুৱাৰে পৰা ৬ অক্টোবৰলৈকে দেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী প্ৰকাশ কৰে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি বংগোপসাগৰত গঢ় লৈ উঠা ঘূৰ্ণীবতাহৰ ধুমুহাৰ বাবে নেপালৰ উপকূলীয় অঞ্চলৰ পৰা বিহাৰৰ মাজেৰে ওড়িশাৰ উপকূলীয় অঞ্চলৰ পৰা একেৰাহে দুদিনকৈ প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।
দেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিও নেপাল গড়কাপ্তানী বিভাগে যাত্ৰীসকলক নিশা ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। বৰষুণৰ বাবে পাহাৰীয়া অঞ্চলত ব্যাপক ভূমিস্খলন হোৱাৰ সতৰ্কবাণীও বিভাগটোৱে দিছে। গড়কাপ্তানী বিভাগে অধীনস্থ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীক দুৰ্যোগ সঁহাৰিৰ কৰ্তব্যৰ বাবে সাজু হ’বলৈ কয়। নাগধুংগা-মুগলিন আৰু মুগলিন-নাৰায়ণগড় পথ, বি পি ঘাইপথ, কান্তি ঘাইপথ, ত্ৰিভুৱন ঘাইপথ, আৰু দৌন্নে ঘাইপথত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ বিভাগটোৱে আহ্বান জনাইছে।
একেদৰে পৃথ্বী ঘাইপথৰ কোত্ৰে-মুগ্লিন-নগাধুংগা আৰু মুগলিন-নাৰায়নগড় পথত যাতায়তৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই তনাহুন, চিতৱান, আৰু ধাডিঙৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ে যৌথ জাননী জাৰি কৰিছে। বতৰ বিভাগৰ এই সতৰ্কবাণীৰ পোহৰত তিনিওটা জিলা প্ৰশাসনৰ কাৰ্যালয়ে ৰাইজক সাৱধানতাৰে যাত্ৰা কৰিবলৈ আহ্বান জনাইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ