গৌৰীপুৰ নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱ আবিৰ্ভাৱ মহোৎসৱ
ধুবুৰী, ০৩ অক্টোবৰ (হি.স.)। গৌৰীপুৰ নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱ আবিৰ্ভাৱ মহোৎসৱ। গুৰুজনাৰ আবিৰ্ভাৱ তিথিৰ লগত সংহতি ৰাখি গৌৰীপুৰ চহৰত বিশাল ভাগৱত শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক। গৌৰীপুৰ নামঘৰৰ পৰা ওলোৱা শোভাযাত্ৰা
গৌৰীপুৰ নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱ আবিৰ্ভাৱ মহোৎসৱ


ধুবুৰী, ০৩ অক্টোবৰ (হি.স.)। গৌৰীপুৰ নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱ আবিৰ্ভাৱ মহোৎসৱ। গুৰুজনাৰ আবিৰ্ভাৱ তিথিৰ লগত সংহতি ৰাখি গৌৰীপুৰ চহৰত বিশাল ভাগৱত শোভাযাত্ৰা।

শোভাযাত্ৰাত অংশগ্ৰহণ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক। গৌৰীপুৰ নামঘৰৰ পৰা ওলোৱা শোভাযাত্ৰা গৌৰীপুৰ চহৰৰ কেবাটাও ৱাৰ্ড পৰিভ্ৰমণ কৰি গৌৰীপুৰ নামঘৰত শোভাযাত্ৰাৰ অন্ত পৰে।

গৌৰীপুৰ নামঘৰ প্ৰাংগণত উখল মাখল পৰিৱেশ। নাম কীৰ্তন ধ্বনিৰে মুখৰিত গৌৰীপুৰ নামঘ প্ৰাংগণ। নামঘৰ প্ৰাংগণত দিহানাম প্ৰতিযোগিতা আদি কাৰ্যসূচী পালন কৰে। আজিৰ কাৰ্যসূচীত ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত ৰায় আৰু মৃন্ময় অধিকাৰী উপস্থিত থাকে। ধুবুৰীৰ বিভিন্ন অঞ্চলৰ পৰা ভকত বৈষ্ণৱসকল উপস্থিত হোৱাৰ লগতে বহু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। সকলোৱে এক দুখৰ মন লৈয়ে গুৰুজনাৰ জন্মোতসৱৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি কান্দি উঠা দেখা যায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande