নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। আগন্তুক ভাৰত ভ্ৰমণৰ সময়ত আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুক্তাকীক আন যিকোনো বৈদেশিক মন্ত্ৰীৰ দৰে সন্মান আৰু সম্পূৰ্ণ কূটনৈতিক প্ৰট’কল প্ৰদান কৰিব।
শুকুৰবাৰে ইয়াত নিয়মীয়াকৈ অনুষ্ঠিত হোৱা এক ব্রিফিঙৰ সময়ত সাংবাদিকসকলৰ প্রশ্নৰ উত্তৰত বৈদেশিক পৰিক্রমা মন্ত্র্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই কথাৰ ইংগিত দিয়ে ৷ আফগানিস্তানত ভাৰতে তালিবান চৰকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি নিদিয়াৰ কথা মনত ৰাখি ভাৰত চৰকাৰে মুক্তাকিক কি ধৰণৰ আদৰণি জনাব বুলি সোধাত মুখপাত্ৰগৰাকীয়ে কয় যে, “মুক্তাকী আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী”।
ইয়াৰ পূৰ্বে জয়ছোৱালে আফগান বৈদেশিক মন্ত্ৰী মুক্তাকিৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে, আপুনি সকলোৱে হয়তো ৯ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ আফগান বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কমিটীয়ে প্ৰদান কৰা ৰেহাই সম্পৰ্কীয় তথ্য দেখিছে। আমি এই বিষয়ে আপোনালোকক অৱগত কৰি থাকিম।
ভাৰত আৰু আফগানিস্তান চৰকাৰৰ সম্পৰ্ক সন্দৰ্ভত আন আন প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয়, আমি আফগানিস্তানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ আছো। কিছুদিনৰ আগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু আফগান বৈদেশিক মন্ত্ৰী মুক্তাকীৰ মাজত টেলিফোনিক বাৰ্তালাপৰ খবৰ আপুনি হয়তো দেখিছে। আফগান পক্ষৰ ভাৰপ্ৰাপ্ত যুটীয়া সচিব আৰু তেওঁৰ সমকক্ষৰ মাজতো আমাৰ কথা-বতৰা হৈছে। ভূমিকম্পৰ সময়ত আমি কুনাৰ প্ৰদেশলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিলোঁ, আৰু পিছলৈ আমি চাবাহাৰৰ জৰিয়তে অধিক সাহায্য সামগ্ৰী প্ৰেৰণ কৰিলোঁ। এই যাত্ৰা সম্পৰ্কীয় ঘটনাৱলীৰ বিষয়ে অৱগত কৰাই থাকিম।
हिन्दुस्थान समाचार / অৰৱিন্দ