দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ২.৩৩ বিলিয়ন ডলাৰ হ্ৰাস পাই ৭০০.২৪ বিলিয়ন ডলাৰ
নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। বৈদেশিক মুদ্ৰাৰ মজুত একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে । যোৱা ২৬ ছেপ্টেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ২.৩৩ বিলিয়ন ডলাৰ হ্ৰাস পাই ৭০০.২৪ বিলিয়ন ডলাৰ হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে শুক
विदेशी मुद्रा भंडार के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। বৈদেশিক মুদ্ৰাৰ মজুত একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে । যোৱা ২৬ ছেপ্টেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ২.৩৩ বিলিয়ন ডলাৰ হ্ৰাস পাই ৭০০.২৪ বিলিয়ন ডলাৰ হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে তথ্য প্ৰকাশ কৰি কয় যে বৈদেশিক মুদ্ৰাৰ মজুতৰ মূল উপাদান বুলি গণ্য কৰা বৈদেশিক মুদ্ৰাৰ সম্পত্তি ২৬ ছেপ্টেম্বৰত সমাপ্ত হোৱা সপ্তাহত ৪.৩৯ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৮১.৭৬ বিলিয়ন ডলাৰ হৈছে।

কেন্দ্ৰীয় বেংকৰ তথ্য অনুসৰি দেশৰ সোণৰ মজুত ২.২৪ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৯৫.০২ বিলিয়ন ডলাৰ হৈছে। তথ্য অনুসৰি এই সময়ছোৱাত বিশেষ ড্ৰয়িং ৰাইটছ (এছডিআৰ) ৯ কোটি ডলাৰ হ্ৰাস পাই ১৮.৭৮ বিলিয়ন ডলাৰ হৈছে। আৰ বি আইৰ তথ্য অনুসৰি এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সৈতে ভাৰতৰ মজুত ৮৯ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.৬৭ বিলিয়ন ডলাৰ হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande