লংকাত এখন চলন্ত ট্ৰাকত অগ্নি কাণ্ড
হোজাই, ০৩ অক্টোবৰ (হি.স.)। হোজাইৰ লংকাত এখন চলন্ত ট্ৰাকত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। লংকাত কালি নিশা এখন চলন্ত ট্ৰাকত এই অগ্নি কাণ্ড সংঘটিত হয়। জানিব পৰা অনুসৰি খাৰুপেটীয়াৰ পৰা শিলচৰলৈ অহা এ এছ ০২ এ চি ০৬১৫ নম্বৰৰ এখন পাছলি ভৰ্তি ট্ৰাকত হঠাতে অগ্
লংকাত এখন চলন্ত ট্ৰাকত অগ্নি কাণ্ড


হোজাই, ০৩ অক্টোবৰ (হি.স.)। হোজাইৰ লংকাত এখন চলন্ত ট্ৰাকত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। লংকাত কালি নিশা এখন চলন্ত ট্ৰাকত এই অগ্নি কাণ্ড সংঘটিত হয়।

জানিব পৰা অনুসৰি খাৰুপেটীয়াৰ পৰা শিলচৰলৈ অহা এ এছ ০২ এ চি ০৬১৫ নম্বৰৰ এখন পাছলি ভৰ্তি ট্ৰাকত হঠাতে অগ্নি কাণ্ড সংঘটিত হয়।লংকাৰ বাইপাছত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪/৫ লক্ষাধিক টকাৰ মূল্যৰ শাক পাচলি অগ্নিত জাহ যায়। ট্ৰাকখনত কোনো যান্ত্ৰিক বিজুটি ঘটনাৰ ফলত হোৱা শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা গৈছে।

ইফালে এই অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় আৰু প্ৰায় ১ ঘন্টা ধৰি যুজ দিয়াৰ পাছতহে এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande