নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে মৰিটানিয়া, লাক্সেমবাৰ্গ, কানাডা আৰু স্লোভেনিয়াৰ ৰাষ্ট্ৰদূতৰ পৰিচয়পত্ৰ গ্ৰহণ কৰে।
ৰাষ্ট্ৰপতি ভৱনৰ মতে, ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতিক পৰিচয়পত্ৰ প্ৰদান কৰাসকলৰ ভিতৰত আছে ইছলামিক ৰিপাব্লিক অৱ মৰিটানিয়াৰ ৰাষ্ট্ৰদূত আহমদু ছিদি মহম্মদ, গ্ৰেণ্ড ডাচি অৱ লাক্সেমবাৰ্গৰ ৰাষ্ট্ৰদূত খ্ৰীষ্টিয়ান বিভাৰ, কানাডাৰ উচ্চায়ুক্ত ক্রিষ্টোফাৰ কুটাৰ আৰু ৰিপাব্লিক অৱ স্লোভেনিয়াৰ ৰাষ্ট্ৰদূত টমাজ মেনচিন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া