গৌৰীপুৰৰ গদাধৰ নৈত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
ধুবুৰী, ০৩ অক্টোবৰ (হি.স.)। গৌৰীপুৰৰ গদাধৰ নৈত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। স্থানীয় ৰাইজে বেগুনতলী দলঙৰ তলত প্ৰত্যক্ষ কৰে মৃত্যুদেহটো। দুৰ্গা প্ৰতিমাৰ বিসৰ্জন দিয়া স্থানৰ ওচৰত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে মহিলা গৰাকীৰ মৃতদেহটো। উক্ত ঘটনাকলৈ গৌৰীপু
গৌৰীপুৰৰ গদাধৰ নৈত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ


ধুবুৰী, ০৩ অক্টোবৰ (হি.স.)। গৌৰীপুৰৰ গদাধৰ নৈত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। স্থানীয় ৰাইজে বেগুনতলী দলঙৰ তলত প্ৰত্যক্ষ কৰে মৃত্যুদেহটো। দুৰ্গা প্ৰতিমাৰ বিসৰ্জন দিয়া স্থানৰ ওচৰত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে মহিলা গৰাকীৰ মৃতদেহটো। উক্ত ঘটনাকলৈ গৌৰীপুৰত সৃষ্টি হৈছে বহু প্ৰতিক্ৰিয়াৰ।

মহিলা গৰাকীক আচলতে হত্যা কৰা হৈছে নে তেও আত্মহত্যা কৰিছে এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনা স্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মহিলা গৰাকীৰ মৃতদেহটো আৰক্ষী উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা কৰাৰ বাবে ধুবুৰী অসামৰিক চিকিতসালয়লৈ প্ৰেৰণ কৰে।

মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত আৰু আৰক্ষীৰ তদন্তত ওলাই পৰিব ঘটনাৰ প্ৰকৃত ৰহস্য।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande