বিজনীত শান্তিপূৰ্ণ ভাৱে সমাপ্ত হল দেৱী দূৰ্গাৰ বিসৰ্জন
চিৰাং, ০৩ অক্টোবৰ (হি.স.)। সমগ্ৰ দেশৰ লগতে চিৰাং জিলাৰ বিজনীতো কালি দশমী উদযাপন কৰে। এইবাৰ সমগ্ৰ অসমৰ লগতে চিৰাং জিলাৰো পূজা মণ্ডপ সমূহত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সেৰেঙা দেখা গল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অকালতে হেৰুৱাই যেন নিজৰ ঘৰৰ কোনোবা এজন লে
বিজনীত শান্তিপূৰ্ণ ভাৱে সমাপ্ত হল দেৱী দূৰ্গাৰ বিসৰ্জন


চিৰাং, ০৩ অক্টোবৰ (হি.স.)। সমগ্ৰ দেশৰ লগতে চিৰাং জিলাৰ বিজনীতো কালি দশমী উদযাপন কৰে। এইবাৰ সমগ্ৰ অসমৰ লগতে চিৰাং জিলাৰো পূজা মণ্ডপ সমূহত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সেৰেঙা দেখা গল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অকালতে হেৰুৱাই যেন নিজৰ ঘৰৰ কোনোবা এজন লোক হঠাতে নোহোৱা হৈ গল সেই ভাৱ সকলোৱে অনুভৱ কৰিছে আৰু পূজাৰ উছাহ যেন কেতিয়াবাই ম্লান পৰি যায়।

ধৰ্মীয় কৰ্মখিনিৰ বাবেহে সকলোৱে পূজা স্থলীলৈ গৈছে আৰু দেৱীৰ চৰণত ধূপ ছাকি জ্বলাইছে যদিও একে সময়তে পূজা কমিটিসমূহে প্ৰত্যেক পূজা মণ্ডপতে স্থাপন কৰিছে জুবিন গাৰ্গৰ সুবিশাল প্ৰতিচ্ছৱি। এই প্ৰতিচ্ছৱিতো সকলোৱে ধূপ ছাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা দেখা যায়। বিজনীৰ পুজা কমিটিতো সেই একেই দৃশ্য দেখা গল। পিছত দশমীৰ সন্ধিয়া বিজনীত শান্তিপুৰ্ণভাৱেই বিসৰ্জন সমাপ্ত হয়। বিজনী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা নিয়ম অনুসৰিয়ে এই বিসৰ্জনৰ সমাপ্ত হয়। অইন আইন বছৰৰ দৰে এইবেলি পুজা কমিটী সমুহে জনসমাগম কৰি বিজনী প্ৰশাসনৰ তত্বাৱধানত শান্তিপুৰ্ণভাৱেই দেৱী দূৰ্গাৰ বিসৰ্জন প্ৰক্ৰিয়া সমাপ্ত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande