বঙাইগাঁওত চৰকাৰী বিনামূলীয়া চাউলত শিল বালি মিহলাই গ্ৰাহক যোগান ধৰাৰ অভিযোগ ৰেচন ডিলাৰৰ বিৰুদ্ধে
বঙাইগাঁও, ০৩ অক্টোবৰ (হি.স.)। বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত টাকোৱামাৰী গাঁৱত ভয়ংকৰ ঘটনা । চৰকাৰী বিনামূলীয়া চাউলত শিল বালি মিহলাই গ্ৰাহক যোগান ধৰাৰ গুৰুতৰ অভিযোগ ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ বিৰুদ্ধে । সাংবাদিকৰ উপস্থিতিত ৰাইজে হাতেল
বঙাইগাঁওত চৰকাৰী বিনামূলীয়া চাউলত শিল বালি মিহলাই গ্ৰাহক যোগান ধৰাৰ অভিযোগ ৰেচন ডিলাৰৰ বিৰুদ্ধে


বঙাইগাঁও, ০৩ অক্টোবৰ (হি.স.)। বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত টাকোৱামাৰী গাঁৱত ভয়ংকৰ ঘটনা । চৰকাৰী বিনামূলীয়া চাউলত শিল বালি মিহলাই গ্ৰাহক যোগান ধৰাৰ গুৰুতৰ অভিযোগ ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ বিৰুদ্ধে । সাংবাদিকৰ উপস্থিতিত ৰাইজে হাতেলোটে ধৰা পেলালে চৰকাৰী বিনামূলীয়া চাউল বস্তাৰ পৰা ঘৰৰ মজিয়াত ঢালি শিল বালি মিলোৱাৰ তথ্য ।

দুৰ্নীতিগ্ৰস্থ ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ পত্নীয়ে সাংবাদিকৰ আগত স্বীকাৰ কৰিলে স্বামীৰ শিল বালি মিলোৱাৰ তথ্য । উত্তেজিত গ্ৰাহকে দুৰ্নীতিগ্ৰস্থ ৰেচন ডিলাৰ দানেছ আলীৰ বাসগৃহ ঘেৰাও কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । চাৰি বাৰকৈ হজ কৰি অহা ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ এই দুৰ্নীতিক তীব্ৰ গৰিহণা স্থানীয় আমছু নেতাৰ । দুৰ্নীতিগ্ৰস্থ ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ বিৰুদ্ধে ইয়াৰ আগতেও ৪০ বস্তা চৰকাৰী চাউল বিক্ৰী কৰি হাতেলোটে ধৰা পেলাইছিল।

আজি চৰকাৰী বিনামূলীয়াকৈ বিতৰণ কৰা চাউলত শিল বালি মিহলাই বিতৰণ কৰা ৰেচন ডিলাৰ দানেছ আলী শ্বেখৰ অনুজ্ঞাপত্ৰ বাতিল কৰি খাদ্যোপযোগী নতুন চাউল বিতৰণ কৰাৰ দাবী গ্ৰাহক সকলৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande