ফুলেৰচৰ সদৰ বজাৰত কংগ্ৰেছৰ যোগদান সভা
মানকাচৰ, ০৩ অক্টোবৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত ফুলেৰচৰ সদৰ বজাৰত আব্দুল ছালাম শ্বাহৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী পৰ্যালোচনা সভা অনুষ্ঠিত হয়।উক্ত যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আব্দুল ছালাম শ্বাহ
ফুলেৰচৰ সদৰ বজাৰত কংগ্ৰেছৰ যোগদান সভা


মানকাচৰ, ০৩ অক্টোবৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত ফুলেৰচৰ সদৰ বজাৰত আব্দুল ছালাম শ্বাহৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী পৰ্যালোচনা সভা অনুষ্ঠিত হয়।উক্ত যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আব্দুল ছালাম শ্বাহে। আজিৰ এই সভাত শ্বাহে কয় যে ৰাইজৰ সমৰ্থন পালেহে তেখেতে কংগ্ৰেছ দলৰ পৰা টিকট পাব সেয়েহে তেখেতে ৰাইজৰ সমৰ্থন বিচাৰি সভা সমিতি অনুষ্ঠিত কৰি আহিছে আৰু ৰাইজৰ ওচৰত হাতযোৰ কৰি সমৰ্থন বিচাৰে।

তেখেতে বিধায়ক হিচাবে নিৰ্বাচিত হ'লে বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা আৰু হাটশিঙিমাৰীৰ পৰা মানকাচৰলৈ যোৱা গঢ় কাপ্তানী পথ নিৰ্মাণৰ কামত গুৰুত্ব আৰোপ কৰিব বুলি ভাষণত উল্লেখ কৰে। তেখেত হ'ল বৰ্তমান অসম কিষাণ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি। আব্দুল ছালাম শ্বাহে কয় যে বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক ব্যক্তি তেখেতৰ বাবে বিজেপি চৰকাৰ হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সেয়েহে এআইইউডিএফ দলক ভোট নিদিবলৈ আহ্বান জনায়। এজিপি আৰু বিজেপি দল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বিজেপি যিহেতু সাম্প্ৰদায়িক দল গতিকে বিজেপি আৰু এজিপিক ভোট দিলে সংখ্যালঘু ৰাইজৰ বাবে হানিকাৰক হ'ব বুলি মন্তব্য কৰে।

গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত গোটেই অসমত কংগ্ৰেছ দল শক্তিশালী হৈছে সেয়েহে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ‌ চৰকাৰ নিশ্চিত বুলি মন্তব্য কৰে।তেখেতৰ প্ৰতি ৰাইজৰ সহানুভূতি আছে যিহেতু তেখেতে ইয়াৰ আগতে দুবাৰকৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। তেখেতে টিকট পালে সাংসদ ৰকিবুল হুছেইনতকৈ বেছি ভোটত জয়ী হ'ব বুলি মন্তব্য কৰে আৰু তেখেতে কংগ্ৰেছ দলৰ পৰা টিকট পাব বুলি আশাবাদী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande