বিটিচি নিৰ্বাচনত বিজয়ী পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰী,বিপিএফ দলত চামিল হোৱাটো দলৰ নেতা কৰ্মী সকলে সহজ ভাৱে ল'ব পৰা নাই
তামুলপুৰ, ০৩অক্টোবৰ (হি.স.)। বিপিএফত ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰীক বিপিএফ দলত চামিল কৰাক লৈ দৰঙাজুলী ব্লুক বিপিএফৰ তীব্ৰ প্ৰতিবাদ এমচিএলএ বিজিৎ গৗৰা নাৰ্জাৰীৰ প্ৰতিকৃতি দাহ ৷ তামুলপুৰ জিলাৰ অন্তৰ্গত ২৬ নং
বিটিচি নিৰ্বাচনত বিজয়ী পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰী,বিপিএফ দলত চামিল হোৱাটো দলৰ নেতা কৰ্মী সকলে সহজ ভাৱে ল'ব পৰা নাই


তামুলপুৰ, ০৩অক্টোবৰ (হি.স.)। বিপিএফত ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰীক বিপিএফ দলত চামিল কৰাক লৈ দৰঙাজুলী ব্লুক বিপিএফৰ তীব্ৰ প্ৰতিবাদ এমচিএলএ বিজিৎ গৗৰা নাৰ্জাৰীৰ প্ৰতিকৃতি দাহ ৷ তামুলপুৰ জিলাৰ অন্তৰ্গত ২৬ নং দৰঙাজুলী ব্লুক বিপিএফ দলৰ স্থানীয় সমৰ্থক সকলে এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে— ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ টিকটত বিটিচি পৰিষদীয় নিৰ্বাচনত বিজয়ী হোৱা পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰীয়ে এতিয়া বিপিএফ দলত চামিল হোৱাটো বিপিএফ দলৰ নেতা কৰ্মী সকলে সহজ ভাৱে ল'ব পৰা নাই কাৰণ ২০২০ চনত বিপিএফ দলৰ পৰা নিৰ্বাচিত হয় বিজেপি দলত যোগদান কৰিছিল বিজিৎ গৌৰা নাৰ্জাৰীয়ে । এতিয়া তেওঁৰ এই সিদ্ধান্তক লৈ স্থানীয় বিপিএফ সমৰ্থকসকলৰ মাজত তীব্ৰ অসন্তোষ দেখা দিছে।

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰিছে যে, বিজেপিৰ পৰা নিৰ্বাচিত হৈ এতিয়া বিপিএফ দলত চামিল হোৱা এই পদক্ষেপে দলীয় কৰ্মী আৰু সমৰ্থক সকলৰ মনোবলত আঘাত দিছে। তেওঁলোকে এই সিদ্ধান্তৰ বিপক্ষে দলীয় শীৰ্ষ কৰ্তৃপক্ষক তৎকালীন ভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।

ঘটনাটোৱে স্থানীয় ৰাজনৈতিক ক্ষেত্ৰ খনত নতুন বিতৰ্কৰ সঞ্চাৰ কৰিছে। আগলৈ এই সিদ্ধান্তৰ ফলত দৰঙাজুলী অঞ্চলৰ ৰাজনৈতিক পৰিস্থিতি কেনেদৰে আগুৱাই যাব , সেইটো বৰ্তমান সময়ত ৰাজনৈতিক মহলৰ পৰ্যবেক্ষণৰ বিষয় হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande