দক্ষিণ শালমাৰা মানিকাচৰ, ০৩ অক্টোবৰ (হি.স.)। অসম - মেঘালয় সীমান্তৰ দক্ষিণ শালমাৰাৰ জিনজিৰাম নদীত কালি সন্ধিয়া মা দূর্গাৰ অন্তিমটো প্ৰতিমা বিসৰ্জন দিয়া হৈছে । বৰষুণৰ মাজতো অঞ্চলটোৰ দহটাকৈ দূৰ্গা মণ্ডপৰ ভক্ত সকলে মা দূৰ্গাক বিসৰ্জন দিয়াত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছিল৷ দক্ষিণ শালমাৰা আৰক্ষী থানাৰ আৰু অসম -মেঘালয় সীমান্তৰ ফুলবাৰী আৰক্ষী থানাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা দুৰ্গোৎসবৰ মা দূৰ্গা দেৱীৰ প্ৰতিমা এনেধৰণে দক্ষিণ শালমাৰাৰ জিনজিৰাম নৈত বিসৰ্জন দিয়ে৷ প্ৰতিবছৰৰ তুলনাত এইবেলি কিন্তু প্ৰতিমা বিসৰ্জন দিয়া নদীৰ দুয়ো কাষে ভক্তৰ ভিৰ একেবাৰে সেৰেঙা দেখিবলৈ পোৱা গৈছে।
আইন শৃংখলা বজাই ৰাখি দক্ষিণ শালমাৰা আৰক্ষী থানা আৰু ফুলবাৰী আৰক্ষী থানাই পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী নিয়োগ কৰে দূৰ্গা দেবীৰ বিসৰ্জনত ।দীৰ্ঘসময় ধৰি মা দূৰ্গা দেবীৰ প্ৰতিমা যন্ত্ৰচালিত নাওঁতলৈ ঘুৰাই ঘুৰাই বেলি মাৰ যোৱাৰ লগে লগে বিসৰ্জন কাৰ্য্য সম্পূৰ্ণ কৰে ভক্ত সকলে ৷আৰক্ষী সুত্ৰে জানিব পৰা মতে উক্ত বিসৰ্জনৰ সময়ত কোনো ধৰণৰ কুটাঘাত সংঘটিত হোৱা নাই আৰু অতি শান্তিপূৰ্ণ ভাবে বিসৰ্জন কাৰ্য্য সম্পূৰ্ণ হয়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ