কোকৰাঝাৰ, ০৩ অক্টোবৰ (হি.স.)। এ আই ইউ ডি এফ দলৰ কোকৰাঝাৰ কমিটিৰ মুখ্য কাৰ্যালয়ত ৩ অক্টোবৰত দলৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এ আই ইউ এফৰ কোকৰাঝাৰ জিলা কমিটিৰ ফকিৰাগ্ৰামস্থিত মুখ্য কাৰ্যালয়ত দলৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱস পালন কৰা দেখা যায়। দলৰ পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলা সমিতিৰ সাঃ সম্পাদক ফখৰুদ্দিন আহমেদে।
পতাকা উত্তোলনৰ পিছত শ্বহীদ তৰ্পণ কৰে কোকৰাঝাৰ জিলা সমিতিৰ যুৱ মৰ্চাৰ সভাপতি সাহানুৰ হকে , যুব প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে কোকৰাঝাৰ জিলা সমিতিৰ মহিলা মৰ্চাৰ সভানেত্ৰী মফিদা বেগমে আৰু ইয়াৰ পিছত কোকৰাঝাৰ জিলা সমিতি ফকিৰাগ্ৰাম সমিতিৰ সহযোগিতাত গছপুলি বিতৰণৰ কৰি অন্তত দলীয় চিন্তন সভা অনুষ্ঠিত হয়। দলীয় চিন্তন সভা কোকৰাঝাৰ জিলা সমিতিৰ সন্মানীয় উপ-সভাপতি ভাজন আলী , সাঃ সম্পাদক ফখৰুদ্দিন আহমেদ , মমৰূদ জামান, সম্পাদক ছলেমান আলী ,যুৱ মৰ্চাৰ সভাপতি সাহানুৰ হক , মহিলা মৰ্চাৰ সভানেত্ৰী মফিদা বেগম , যুৱ মৰ্চাৰ সাঃ সম্পাদক আয়নাল হক, মহিলা মৰ্চাৰ সম্পাদীকা সাহেদা বেগম,কপিলা বেগম ,যুৱ মৰ্চাৰ ফকিৰাগ্ৰাম ব্লক সভাপতি সাহেব আলী , উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ