পূৰ্ণিয়া, ০৩ অক্টোবৰ (হি.স.)। বিহাৰৰ পুৰ্ণিয়া জিলাৰ কাছবা থানা এলেকাৰ অন্তৰ্গত কাটিহাৰ-জোগবাণী ৰেলপথত শুকুৰবাৰে পুৱা এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। দশহৰা মেলাত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি অহা লোকক খুন্দা মাৰে বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লে। ফলত থিতাতে ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এটা শিশু গুৰুতৰভাৱে আহত হয়। আহত শিশু ঠিক পূৰ্ণীয়াৰ জি এম চি এইচত ভৰ্তি হৈছে।
জানিব পৰা মতে, নিহত আটাইকেইজনেই মাখানা ফটকা আৰু দশহৰা মেলাৰ পৰা উভতি আহিছিল। জৱনপুৰৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত জোগবাণীৰ পৰা দনাপুৰলৈ গৈ থকা বন্দে ভাৰত এক্সপ্ৰেছ গাড়ীখনে খুন্দা মাৰে।
ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত শোক বিয়পি পৰে। ঘটনাস্থলীত আৰক্ষী আৰু আৰ পি এফৰ দল উপস্থিত হৈ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া