বাঁহ, বিভিন্ন গছৰ গুটিৰে মহিলাৰ বিভিন্ন আ অলংকাৰ নিৰ্মাণত ব্যস্ত এজাক যুঁজাৰু মহিলা
শোণিতপুৰ, ২৯ অক্টোবৰ (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ এদল যুঁজাৰু মহিলাই নিজ কৰ্মৰে চৰ্চা লাভ কৰিছে ৷ মহিলাৰ দলটোৱে হাতে কামে লাগিছে অৰ্থনৈতিক বিপ্লৱত ৷ নিজৰ লগতে আনৰো স্বাৱলম্বনৰ আৰ্হি দেখুৱৈই তেজপুৰৰ হাজাৰোধিক মহিলাই আৰম্ভ কৰিছে এই বিপ্লৱ ৷ এই ব
বাঁহ, বিভিন্ন গছৰ গুটিৰে মহিলাৰ বিভিন্ন আ অলংকাৰ নিৰ্মাণত ব্যস্ত এজাক যুঁজাৰু মহিলা


শোণিতপুৰ, ২৯ অক্টোবৰ (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ এদল যুঁজাৰু মহিলাই নিজ কৰ্মৰে চৰ্চা লাভ কৰিছে ৷ মহিলাৰ দলটোৱে হাতে কামে লাগিছে অৰ্থনৈতিক বিপ্লৱত ৷ নিজৰ লগতে আনৰো স্বাৱলম্বনৰ আৰ্হি দেখুৱৈই তেজপুৰৰ হাজাৰোধিক মহিলাই আৰম্ভ কৰিছে এই বিপ্লৱ ৷ এই বিপ্লৱ হৈছে আমাৰ প্ৰকৃতিত থকা সামগ্ৰী সমূহক লৈ ৷

চৰকাৰে আগবঢ়োৱা অৰুণোদয় আঁচনিৰ বাবে অপেক্ষা নকৰি স্বাৱলম্বিতাই নহয় দৈনিক ৫ শ ৰ পৰা ১৫০০ টকালৈকে আয়ৰ বাবে বাঁহ, বিভিন্ন গছৰ গুটিৰে নিৰ্মাণ কৰিছে মহিলাৰ বিভিন্ন আ অলংকাৰ ৷ ইতিমধ্যে ইয়াৰ বাবে লাভ কৰিছে ট্ৰেড মাৰ্ক ৷ ইফালে জানিব পৰামতে, মহিলাসকলৰ এই অলংকাৰ বহিঃৰাজ্যৰ লগতে মালয়ছিয়া, চিংগাপুৰকে ধৰি প্ৰায় ১১০ খন ৰাষ্ট্ৰ লৈ ৰপ্তানী কৰা হ’ব ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande