ফাঁচীবজাৰৰ কাছমাৰী ঘাট আৰু যোৰহাটত একেলগে বিসৰ্জন দিয়া হ’ল জুবিন গাৰ্গৰ চিতাভষ্ম
গুৱাহাটী, ২৯ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমবাসীক কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় লোৱাৰ আজি ৪১ টা দিনেই হল। কিন্তু এতিয়াও শোকস্তব্ধ হৈ আছে সমগ্ৰ ৰাজ্য তথা জুবিনপ্ৰেমী। আজিও সকলোৱে প্ৰাণৰ শিল্পীগৰাকী এনেদৰে অকালতে নোহোৱা হৈ যোৱাৰ
ফাঁচীবজাৰৰ কাছমাৰী ঘাটত বিসৰ্জন দিয়া হ’ল জুবিন গাৰ্গৰ চিতাভষ্ম


গুৱাহাটী, ২৯ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমবাসীক কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় লোৱাৰ আজি ৪১ টা দিনেই হল। কিন্তু এতিয়াও শোকস্তব্ধ হৈ আছে সমগ্ৰ ৰাজ্য তথা জুবিনপ্ৰেমী। আজিও সকলোৱে প্ৰাণৰ শিল্পীগৰাকী এনেদৰে অকালতে নোহোৱা হৈ যোৱাৰ কথা ভাবি ফেকুৰি উঠে সকলোৱে। ইয়াৰ মাজতে আজি গুৱাহাটীৰ ফাঁচীবজাৰৰ কাছমাৰী ঘাট আৰু যোৰহাটত ব্ৰহ্মপুত্ৰ নদীত একেলগে বিসৰ্জন দিয়া হল প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভষ্ম।

শুক্লা অষ্টমীৰ লগ্ন চাই মহাবাহুত বিসৰ্জন দিয়া হ’ল অসমী আইৰ মৰমৰ পুত্ৰ জুবিন গাৰ্গৰ অস্থি। ‘মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা।’’ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰে একাধিকবাৰ ৰাজহুৱা স্থানত কৈছিল মৃত্যুৰ পিছত ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ কথা। লুইতক প্ৰাণ ভৰি ভাল পাইছিল অসমীয়াৰ বুকুৰ আপোন জুবিন গাৰ্গে। আৰু সেয়াই হ’ল।

অসমবাসীয়ে কেতিয়াও নিবিচৰা সেই ক্ষণটি। শুক্লা অষ্টমীৰ লগ্ন চাই মহাবাহুত বিসৰ্জন দিয়া হ’ল অসমী আইৰ মৰমৰ পুত্ৰ জুবিন গাৰ্গৰ অস্থি। ফাঁচীবজাৰৰ কাছমাৰী ঘাট আৰু যোৰহাটত একেলগে বিসৰ্জন দিয়া হ’ল জুবিন গাৰ্গৰ অস্থি আৰু চিতাভষ্ম।

জুবিন গাৰ্গে বিচৰা ধৰণেই মহাবাহুত বিসৰ্জন দিয়া হ’ল জুবিন গাৰ্গৰ অস্থি আৰু চিতাভষ্ম। কাছমাৰী ঘাটত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ সহ পৰিয়ালৰ লোকে বিসৰ্জনৰ দিলে জুবিনৰ অস্থি। গৰিমা গাৰ্গৰ লগতে অস্থি বিসৰ্জনৰ সময়ত উপস্থিত থাকে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ, কণ্ঠশিল্পী জুবলী বৰুৱা, ছবি প্ৰয়োজিকা নৱনীতা শর্মা, জুবিন গাৰ্গৰ বন্ধু দিগন্ত শৰ্মা, ৰাজা বৰুৱা, পাৰ্থ প্ৰতীম গোস্বামী আৰু মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্ত।

যোৰহাটতো লুইতত বিসৰ্জন দিয়া জুবিন গাৰ্গৰ অস্থি আৰু চিতাভষ্ম। যোৰহাটত অস্থি বিসৰ্জন দিলে অৰুণ গাৰ্গ, সিদ্ধাংকু অংকুৰ বৰুৱাই দিলে বিসৰ্জন।অস্থি বিসৰ্জনৰ সময়ত যোৰহাট জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ায়ো দিলে সংগ। ইয়াৰ মাজতেই আজি পুনৰ সকলোৱে জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰসংগ উত্থাপন কৰি দাবী তোলে শীঘ্ৰে ন্যায় দিয়াৰ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande