

শোণিতপুৰ, ২৯ অক্টোবৰ (হি.স.)। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ পৰা সন্ধানহীন হৈ পৰিছে এগৰাকী বিবাহিত মহিলা। চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গড়মৰা গাঁৱৰ পৰা সন্ধানহীন হৈ আছে তুলসী মজুমদাৰ(৩০) নামৰ এগৰাকী বিবাহিত মহিলা। বিগত দহ দিন ধৰি কোনো ধৰণৰ শুংসূত্ৰ নাই মহিলাগৰাকীৰ।
মহিলাগৰাকীৰ সন্ধানত বহু বিচাৰ খোচাৰ কৰিও কোনো ধৰণৰ সন্ধান পোৱা নাই পৰিয়ালৰ লোকসকলে। উল্লেখ্য যে নিজ বাসগৃহৰ পৰাই সন্ধানহীন হৈ আছে মহিলগৰাকী। সন্ধানহীন মহিলাগৰাকীক কোনো লোকে ফুচুলাই লৈ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এইক্ষেত্ৰত দুষ্ট লোকৰ কৱলত পৰাতো আশংকা কৰা হৈছে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে । লগতে কোনো লোকে মহিলগৰাকী সন্ধান পালে 8723853415 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু