
শ্ৰীভূমি, ২৯ অক্টোবৰ (হি.স.)।
শ্ৰীভূমি জিলাৰ বাজাৰিচাৰা হাইলামছাৰত ৰছীৰে চিপ লৈ আত্মহত্যা কৰে এজন ব্যক্তিয়ে। নিহত লোকজনৰ নাম প্ৰভাত বৈদ্য বুলি জনা গৈছে। তেওঁৰ বয়স ষাঠি বছৰ বুলি অনুমান কৰা হৈছে।
জানিব পৰা মতে তিনি পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানৰ পিতৃ প্ৰভাত বৈদ্য মঙলবাৰে বিয়লি ৩ বজাত ঘৰৰ পৰা সন্ধানহীন হৈ পৰে। পিছত নিশা প্ৰায় ৮ বজাত তেওঁৰ ঘৰৰ সমীপৰ ৰবৰ গছৰ ডালত ডিঙিত ৰছী লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। প্ৰাক্তন ৱাৰ্ড সদস্য বিপ্লৱ বৈদ্যই কয় যে সেই সময়ত তেওঁৰ শৰীৰত কোনো প্ৰাণ নাছিল। পিছত এই ঘটনাটো বাজৰিচাৰা আৰক্ষীৰ দৃষ্টিগোচৰ কৰা হয়। প্ৰায় তিনি ঘণ্টাৰ অন্তত আৰক্ষীয়ে তদন্ত চলাই মৃতদেহটো নিজৰ জিম্মাত লৈ যায়।
জানিব পৰা মতে,আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বুধবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো আৰক্ষীয়ে মৃতকৰ পৰিয়ালক গতাই দিব। জানিব পৰা মতে, আত্মহত্যাৰ বলি হোৱা প্ৰভাত বাবু বিগত কিছুদিন ধৰি মানসিক বিষণ্ণতাত ভুগি আছে। প্ৰথম জীৱনত তেওঁ এজন ভাল ফুটবলাৰ আছিল তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু