
কামৰূপ, ২৯ অক্টোবৰ (হি.স.)। দ্বিতীয় দিনাও হাজোৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।অধ্যক্ষৰ স্বেচ্ছাচাৰিতা বিৰুদ্ধে মহাবিদ্যালয় খনত বিগত তিনিদিন ধৰি অব্যাহত আছে অচলাবস্থা।মহাবিদ্যালয়ৰ অধ্যক্ষ মইনুল হকৰ পদত্যাগৰ দাবীত এবিভিপি য়ে অব্যাহত ৰাখিছে প্ৰতিবাদ।জয় আই অসম,আৰু অধ্যক্ষ মুৰ্দাবাদ ধ্বনিৰে উত্তাল মহাবিদ্যালয় চৌহদ।
অধ্যক্ষক ঘেৰাও কৰি সাবস্ত কৰিছে প্ৰতিবাদ।প্ৰতিবাদী ছাত্ৰ ছাত্ৰীক জয় আই অসম ধ্বনি দিবলৈ মানা কৰিছিল অধ্যক্ষ মইনুল হকে।ইয়াতে অধিক ক্ষুণ্ণ হৈ পৰে প্ৰতিবাদী ছাত্ৰ ছাত্ৰী সকলে।মহাবিদ্যালয় খনত অধ্যক্ষই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা অভিযোগ।ছাত্ৰ একতা সভাৰ সহ:সাধাৰণ সম্পাদকে মহাবিদ্যালয়ৰ ভিতৰত চলাইছিল সন্ত্ৰাস। মহাবিদ্যালয় চৌহদ দিছিল মিঞা জিন্দাবাদ ধ্বনি। বিগত এটা বছৰে এটাৰ পিছত আন এটা ঘটনা ঘটাৰ পিছতো নীৰৱ অধ্যক্ষ গৰাকী। যাৰ বাবে ছাত্ৰ ছাত্ৰী সকলে ক্ষুব্ধ হৈ বিচাৰিছে অধ্যক্ষৰ পদত্যাগ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ