
গুৱাহাটী, ২৯ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই যাত্ৰীসকলৰ সুবিধা বৃদ্ধি আৰু উন্নততৰ সময়ানুবর্তিতা নিশ্চিত কৰিবলৈ তাৰ নেটৱৰ্কৰ বিভিন্ন নির্বাচিত ষ্টেচনসমূহত ১৮ খন ৰে’লৰ সময়সূচী সংশোধন কৰিছে। নতুন সময়সূচীসমূহ ২৫ অক্টোবৰৰ পৰা ০১ নৱেম্বৰ, ২০২৫ লৈকে পৰ্যায়ক্ৰমে কার্যকৰী কৰা হৈছে।
২৫ অক্টোবৰ, ২০২৫ ৰ পৰা কার্যকৰী হোৱাকৈঃ ৰে’ল নং ১৫৭১৯/১৫৭২০ (কাটিহাৰ – শিলিগুড়ী – কাটিহাৰ) ইন্টাৰচিটি এক্সপ্ৰেছ কাটিহাৰ আৰু শিলিগুড়ী ষ্টেচনত; সংশোধিত ৰে’ল নং ২২৩০১ (হাওৰা – নিউ জলপাইগুড়ী) বন্দে ভাৰত এক্সপ্ৰেছ নিউ জলপাইগুড়ী ষ্টেচনত; ৰে’ল নং ১২৩৬৩ (কলকাতা – হালদিবাৰী) ছুপাৰফাষ্ট এক্সপ্ৰেছ হালদিবাৰী আৰু হৰিশ্চন্দ্ৰপুৰ ষ্টেচনত; ৰে’ল নং ১৫৪৬৪ (শিলিগুড়ী – বালুৰঘাট) ইন্টাৰচিটি এক্সপ্ৰেছ বালুৰঘাটৰ পৰা শিলিগুড়ী ষ্টেচন পৰ্যন্ত; ৰে’ল নং ১৩২৪৬ (আৰা – নিউ জলপাইগুড়ী) কেপিটেল এক্সপ্ৰেছ নিউ জলপাইগুড়ী ষ্টেচনত; ৰে’ল নং ১৫৭২৩ (যোগবানী – শিলিগুড়ী) এক্সপ্ৰেছ শিলিগুড়ী টাউন ষ্টেচনত সংশোধিত সময়সূচী অনুসৰি চলাচল কৰিব।
২৭ অক্টোবৰ, ২০২৫ ৰ পৰা কার্যকৰী হোৱাকৈ: ৰে’ল নং ১৩১৪১ (শিয়ালদহ – নিউ আলিপুৰদুৱাৰ) তিস্তা তোৰ্চা এক্সপ্ৰেছ নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, ঘোকচাডাঙ্গা, ফালাকাটা, ধুপগুড়ী, নিউ ময়নাগুড়ী, জলপাইগুড়ী ৰোড আৰু বেলাকোবা ষ্টেচনত সংশোধিত সময়সূচী অনুসৰি চলাচল কৰিব।
২৮ অক্টোবৰ, ২০২৫ ৰ পৰা কার্যকৰী হোৱাকৈ: ৰে’ল নং ১৩২৪৮ (আৰা – কামাখ্যা) কেপিটেল এক্সপ্ৰেছ কামাখ্যা, গোৱালপাৰা টাউন আৰু নিউ বঙাইগাঁও ষ্টেচনত; ৰে’ল নং ১৫০৭৭ (কামাখ্যা – গোমতী নগৰ) এক্সপ্ৰেছ কামাখ্যা, গোৱালপাৰা টাউন, নিউ বঙাইগাঁও ষ্টেচনত সংশোধিত সময়সূচী অনুসৰি চলাচল কৰিব।
২৯ অক্টোবৰ, ২০২৫ ৰ পৰা কার্যকৰী হোৱাকৈ: ৰে’ল নং ১৫৬৬১ (ৰাঁচী – কামাখ্যা) এক্সপ্ৰেছ কামাখ্যা ষ্টেচনত সংশোধিত সময়সূচী অনুসৰি চলাচল কৰিব।
৩০ অক্টোবৰ, ২০২৫ ৰ পৰা কার্যকৰী হোৱাকৈ: ৰে’ল নং ১৩১৪২ (নিউ আলিপুৰদুৱাৰ – শিয়ালদহ) তিস্তা তোৰ্সা এক্সপ্ৰেছ সামসীৰ পৰা নিউ আলিপুৰদুৱাৰ ষ্টেচন পৰ্যন্ত; ৰে’ল নং ২২৩০২ (নিউ জলপাইগুড়ী – হাওড়া) বন্দে ভাৰত এক্সপ্ৰেছ নিউ জলপাইগুড়ী আৰু কিশনগঞ্জ ষ্টেচনত; ৰে’ল নং ২২২৩৩ (নিউ জলপাইগুড়ী – পাটনা) বন্দে ভাৰত এক্সপ্ৰেছ নিউ জলপাইগুড়ী, কিশনগঞ্জ আৰু বাৰছোই ষ্টেচনত; ৰে’ল নং ২২২৩৪ (পাটনা – নিউ জলপাইগুড়ী) বন্দে ভাৰত এক্সপ্ৰেছ নিউ জলপাইগুড়ী, কিশনগঞ্জ, বাৰছোই আৰু কাটিহাৰ ষ্টেচনত; ৰে’ল নং ১৫৬৪৪ (কামাখ্যা – পুৰী) এক্সপ্ৰেছ কামাখ্যাৰ পৰা হৰিশ্চন্দ্ৰপুৰ ষ্টেচন পৰ্যন্ত সংশোধিত সময়সূচী অনুসৰি চলাচল কৰিব।
৩১ অক্টোবৰ, ২০২৫ ৰ পৰা কার্যকৰী হোৱাকৈ: ৰে’ল নং ১২৩৬৪ (হলদিবাৰী – কলকাতা) ছুপাৰফাষ্ট এক্সপ্ৰেছ হালদিবাৰী, জলপাইগুড়ী, নিউ জলপাইগুড়ী, কিশনগঞ্জ আৰু হৰিশ্চন্দ্ৰপুৰ ষ্টেচনত সংশোধিত সময়সূচী অনুসৰি চলাচল কৰিব।
০১ নৱেম্বৰ, ২০২৫ ৰ পৰা কার্যকৰী হোৱাকৈ: ৰে’ল নং ১৩২৪৫ (নিউ জলপাইগুড়ী – আৰা) কেপিটেল এক্সপ্ৰেছ নিউ জলপাইগুড়ী ষ্টেচনত সংশোধিত সময়সূচী অনুসৰি চলাচল কৰিব।
অবিৰত আন্তঃগাঁথনি উন্নয়নৰ ফলত উত্তৰ-পূব সীমান্ত ৰেলৱে ৰে’লৰ গতিবেগ আৰু পৰিচালন কাৰ্যদক্ষতা বৃদ্ধি কৰি যাত্ৰীসকলৰ বাবে অধিক দ্ৰুত, নিৰাপদ আৰু সময়ানুবর্তী ভ্ৰমণৰ অভিজ্ঞতা নিশ্চিত কৰিছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী