তেজপুৰ জুবিনিয়ানছ্ আৰু দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেশ্বনৰ ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ পোষ্টাৰ লগোৱাৰ কাম আৰম্ভ
তেজপুৰ, ২৯ অক্টোবৰ (হি.স.)। তেজপুৰস্থিত অসমৰ প্ৰথম চিনেমা গৃহ জোনাকী চিনেমাৰ পৰা তেজপুৰ জুবিনিয়ানছ্ আৰু দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেশ্বনে ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ পোষ্টাৰ সমূহ লগোৱাৰ কাম আৰম্ভ কৰে। তেজপুৰ জুবিনিয়ানছ্ ৰ প্ৰতিষ্ঠাপক, জুবিন গাৰ্গৰ প
তেজপুৰস্থিত অসমৰ প্ৰথম চিনেমা গৃহ জোনাকী চিনেমাৰ পৰা তেজপুৰ জুবিনিয়ানছ্ আৰু দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেশ্বনে ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ পোষ্টাৰ সমূহ লগোৱাৰ কাম আৰম্ভ কৰে।


তেজপুৰ, ২৯ অক্টোবৰ (হি.স.)। তেজপুৰস্থিত অসমৰ প্ৰথম চিনেমা গৃহ জোনাকী চিনেমাৰ পৰা তেজপুৰ জুবিনিয়ানছ্ আৰু দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেশ্বনে ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ পোষ্টাৰ সমূহ লগোৱাৰ কাম আৰম্ভ কৰে।

তেজপুৰ জুবিনিয়ানছ্ ৰ প্ৰতিষ্ঠাপক, জুবিন গাৰ্গৰ পুত্ৰস্বৰূপ , সমাজ কৰ্মী তৃষাণু ভূঞাই কয় যে- ‘জুবিন দা অবিহনে জুবিন দাৰ চিনেমাৰ পোষ্টাৰ লগোৱা এইখনেই প্ৰথম আৰু জুবিন দাই অভিনয় কৰা এইখনেই শেষ চিনেমা, এইয়া আমাৰ অন্তিম সময়, সুযোগ জুবিন দাৰ সপোনৰ ছবিখন সফল কৰাৰ’ বুলি কৈ আৱেগিক হৈ পৰে। লগতে সকলোকে সহযোগিতাৰে ওলাই আহিবৰ বাবে আহ্বান জনায়।

তেজপুৰ জুবিনিয়নছ্ ৰ বিষ্ণু শৰ্মাই ফটো ভিডিঅ’ নকৰি পাইৰেচি মুক্তভাৱে ছবিখন সফল কৰাৰ ক্ষেত্ৰত সকলোকে অনুৰোধ জনায়।

এই ছবিখন বিশ্বত জিলিকি উঠি জুবিন দাৰ সপোন বাস্তৱত পৰিণত কৰিব বুলিও সাংস্কৃতিক নগৰী তেজপুৰৰ পৰা তেওঁলোকে মন্তব্য প্ৰদান কৰি আশা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande