টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মৰাণত বিশাল জোঁৰ সমদল
২০ (বিশ) সহস্ৰাধিক লোকে হাতে হাতে জোঁৰ লৈ কঁপালে মৰাণ নগৰ।
টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মৰাণত বিশাল জোঁৰ সমদল


ডিব্ৰুগড়, ২৯ অক্টোবৰ (হি.স.): অসমৰ টাই আহোম জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ আৰু স্বায়ত্বশাসন প্ৰদানৰ দাবীত যোৱা কালি মঙলবাৰে সন্ধিয়া বিশ সহস্ৰাধিক লোকে কঁপালে উজনিৰ মৰাণ নগৰ ৷ বৃহত্তৰ টাই আহোম সমাজৰ উদ্যোগত উলিওৱা এই বিশাল জোঁৰ সমদলত মৰাণ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পৰা অহা প্ৰায় ২০ হাজাৰৰো অধিক টাই আহোম জনগোষ্ঠীৰ লোকে জনজাতিকৰণৰ আৰু স্বায়ত্বশাসনৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

হাতে হাতে জোঁৰ লৈ প্ৰতিবাদী ৰাইজে মৰিলে মৰি যাম, জনজাতি লৈ যাম, জনজাতিকৰণ আমাক লাগিবই, ন' এচ টি ন'ভোট, বিজেপি চৰকাৰ হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া আদি শ্ল'গানেৰে মৰাণৰ ৰাজপথ উত্তাল কৰি তোলে ৷ মৰাণ ঊষাপুৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা এই জোঁৰ সমদলৰ প্ৰাক্ ক্ষণত মায়াবিনী গীতেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী জনায় ৷ প্ৰতিবাদী জোঁৰ সমদলত অংশগ্ৰহণ কৰি মৰাণৰ বিশিষ্ট সমাজকৰ্মী, প্ৰবীন ক্ৰীড়াবিদ অঞ্জলী চেতিয়া, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, লেঙেৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষাবিদ নীলকান্ত গগৈয়ে টাই আহোম সকলক ঐক্যবদ্ধ ভাৱে জনজাতিকৰণৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ শাসনাধীষ্ঠ বিজেপি চৰকাৰক পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি টাই আহোমসকলৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈও আহ্বান জনায় প্ৰতিবাদী ৰাইজে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande