
ডিব্ৰুগড়, ২৯ অক্টোবৰ (হি.স.)। ডিব্ৰুগড জিলাৰ টিংখাং তিনিআলি চাহ বাগিচাৰ কাছাৰী লাইনত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ মঙলবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । মৃত যুৱকজন হৈছে টিংখাং লাক্ৰিবামৰ বিনোদ কুৰ্মী (৩৪) । ৫ বছৰ ধৰি টিংখাং তিনিআলি চাহ বাগিচাৰ কাছাৰী লাইনত পত্নীৰ পিতৃগৃহত বাস কৰিছিল বিনোদ কুৰ্মীয়ে । টিংখাঙৰ এখন গেলামাল দোকানত কৰ্মৰত বিনোদক সোমবাৰে নিশা দোকানৰ মালিকে অৰ্ধ উলংগ অৱস্থাত পত্নীৰ পিতৃগৃহত থৈ যায় ।
ইফালে মঙ্গলবাৰে পুৱা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে, মুখেৰে তেজ ওলায় । অৱশেষত মৃত্যুক সাবতি লয় যুৱকজনে । এই ঘটনাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি । পৰিয়ালৰ লোকে দোকানৰ মালিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰে । এই সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে নিশা টিংখাং আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । আনহাতে দোকানৰ স্বত্তাধিকাৰী ধৰনী চুতীয়াই এই অভিযোগ অস্বীকাৰ কৰিছে । ২২ অক্টোবৰত বিনোদে দোকানৰ পৰা স্কুটিখন লৈ ওলাই যোৱাৰ পিছত নোহোৱা হৈছিল । ২৪ অক্টোবৰত এই সন্দৰ্ভত টিংখাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । সোমবাৰে, ছয়ত্ৰিশকোনা নামৰ ঠাইত বিনোদক সুৰামত্ত অৱস্থাত পাই আৰক্ষীক জনাই থানালৈ লৈ যায়, আৰক্ষীৰ পৰামৰ্শমতেই ঘৰত থৈ আহিছিল যুৱকজনক । সেই সময়ত কোনো আঘাতৰ চিন নাছিল বুলি তেওঁ কয়।
আৰক্ষীয়ে ইতিমধ্যে মৃত্যুৰ কাৰণ উদ্ঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে। বিনোদ কুৰ্মীৰ অকাল মৃত্যুৱে সমগ্ৰ টিংখাং অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা