
যোৰহাট, ২৯ অক্টোবৰ (হি.স.)। শৰতৰ পুৰ্ণিমা ৰাতিৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। এই উপলক্ষে চৌদিশে কৃষ্ণময় পৰিবেশ বিৰাজ কৰিছে। একেদৰে ঢেকীয়াখোৱা বৰনামঘৰতো ৰাস উৎসৱৰ প্ৰস্তুতি চলাই থকা হৈছে।
সত্ৰনগৰী মাজুলীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাস উৎসৱক লৈ ব্যাপক প্ৰস্তুতি চলিছে। চৌদিশে ৰাসময়, কৃষ্ণময় পৰিবেশ হৈ পৰিছে।একপ্ৰকাৰ দ্বিতীয় বৃন্দাবনত পৰিণত হৈছে প্ৰতিটো ৰাসমঞ্চ। একেদৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো অনুৰূপ দৃশ্য দেখিবলৈ পোৱা গৈছে। পুৰ্ব পৰম্পৰা ৰক্ষা কৰি উলহ মালহেৰে এইবাৰো আয়োজন কৰিছে ৰাসোৎসৱ। দুপৰ নিশা পৰ্যন্ত আখৰাত ব্যস্ত হৈ পৰিছে মহাৰাসত অংশগ্ৰহণ কৰিবলগীয়া শিল্পীসকল।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা