শুৱালকুছিৰ ৰাজপথত নিশা ৰৈ ৰৈ বিনালে ছৱিৰ পষ্টাৰিং
কামৰূপ, ২৯ অক্টোবৰ (হি.স.)। অহা ৩১ অক্টোবৰত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে শীৰ্ষক অসমীয়া কথাছবি খন। অসমীয়াৰ হিয়াৰ আমুঠি জুবিন গাৰ্গৰ সপোন আছিল ৰৈ ৰৈ বিনালে কথাছৱি খন। ছৱিখন মুক্তি লাভৰ পূৰ্বে ইতিমধ্যে খলকন
লৈ লৈ বিশ্ব


কামৰূপ, ২৯ অক্টোবৰ (হি.স.)। অহা ৩১ অক্টোবৰত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে শীৰ্ষক অসমীয়া কথাছবি খন। অসমীয়াৰ হিয়াৰ আমুঠি জুবিন গাৰ্গৰ সপোন আছিল ৰৈ ৰৈ বিনালে কথাছৱি খন। ছৱিখন মুক্তি লাভৰ পূৰ্বে ইতিমধ্যে খলকনি তুলিছে সমগ্ৰ দেশতে। ছৱিখনৰ বাবে ৰাজ্যত বন্ধ হৈ পৰা ছৱি গৃহয়ো এতিয়া পুনৰ মুকলি কৰিছে ছৱি গৃহৰ স্বত্বাধিকাৰীয়ে। মুঠতে জুবিন গাৰ্গৰ শেষৰ খন ছৱি উপভোগ কৰিবলৈ সাজু প্ৰতি গৰাকী জুবিনৰ অনুৰাগী। ইয়াৰ ব্যতিক্ৰম নহয় বস্ত্ৰ নগৰী শুৱালকুছিও।

ইয়াৰ মাজতে যোৱা কালি মঙলবাৰে নিশা শুৱালকুছিৰ ৰাজপথতে দেখা গৈছে জুবিন ফেন ক্লাৱৰ সদস্য সকলে ৰৈ ৰৈ বিনালে ছৱিখনৰ পষ্টাৰিং কৰাৰ দৃশ্য। শুৱালকুছি জুবিন ফেন ক্লাৱৰ আহ্বান জুবিন দাৰ শেষ তথা সপোনৰ ছৱিখন সকলোৱে উপভোগ কৰক। লগতে জুবিন দাৰ সপোনৰ ছৱিখন কোনো দৰ্শকে যেন পাইৰাছি নকৰে তাৰ বাবে প্ৰতি গৰাকী দৰ্শকলৈ তেওঁলোকে আহ্বান জনাইছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande