
ধেমাজি, ২৯ অক্টোবৰ (হি.স.)। ৰাজ্যজুৰি ৰাস উদযাপনৰ ব্যাপক প্রস্তুতি চলিব ধৰিছে । ৰাস প্ৰদৰ্শনৰ বাবে দিনে-ৰাতিয়ে চলি থকা আখৰাৰে মুখৰিত হৈ পৰিছে অসমৰ বিভিন্ন অঞ্চল। ইয়াৰ সমান্তৰালভাৱে জোনাইৰ চিগাতো শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলাৰ বাবে ব্যাপক প্রস্তুতি চলি থকা দেখা গৈছে। অহা ৬, ৭ আৰু ৮ নৱেম্বৰ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব পূৰ্ণাংগ শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা।
জোনাই সমজিলাৰ চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত মাজুলীৰ গড়মূৰ বৰসত্ৰৰ দ্বাৰা পৰিচালিত ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা প্ৰদৰ্শনৰ বাবে উদযাপন সমিতিয়ে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে, ১৯৯৬ চনৰ পৰা চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত নেপাল কামান লত্তা ৰংগমঞ্চত ৰাসলীলা মহোৎসৱ অনুষ্ঠিত হ’ব। উক্ত ৰাসলীলা পৰিচালনা কৰিব বায়ন তথা পৰিচালক বাপ হাজৰিকা।
আনহাতে ৰাসলীলা মহোৎসৱৰ বিশেষ আকৰ্ষণ হিচাপে এইবাৰ চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত তিনিদিনীয়া বাণিজ্যিক মেলাৰো আয়োজন কৰা হৈছে। এই মেলাত বৃহত্তৰ জোনাইৰ ৰাইজক বিভিন্ন জনগোষ্ঠীৰ খাদ্য সম্ভাৰ উপভোগ কৰাৰ লগতে ৰাসলীলা উপভোগ কৰিবলৈ আহ্বান জনাইছে স্থায়ী সমিতিৰ বিষয়ববীয়াই।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু