হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন নিহত
হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনা।
হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন নিহত


হাইলাকান্দি, ২৯ অক্টোবৰ (হি.স.): হাইলাকান্দিত যোৱা কালি মঙ্গলবাৰে বিয়লি বেলা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক। নিহত যুৱক জনৰ নাম হাচিব উদ্দিন বুলি জনা গৈছে।হাইলাকান্দি জিলাৰ চিপসাংগনৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

জানিব পৰা মতে এএছ ১১ ডব্লিউ ৯১৯০ নম্বৰৰ এখন ভেনু বাহন আৰু এএছ ২৪ বি ৫৪৫০ নম্বৰৰ এখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় আৰু ইয়াৰ ফলত থিতাতে নিহত হয় বাহক চালক গৰাকী। নিহত বাইক চালক জন হাইলাকান্দি সন্তুষ কুমাৰ ৰায় বুলি পৰিচয় পোৱা গৈছে। পিছত মৃত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ অনা হয়। নিহত যুৱকজনৰ ঘৰ শ্ৰীভুমি জিলাৰ ৰামকৃষ্ণনগৰ সমষ্টিত চিনানালত গাঁ‌ৱত বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande