
মাজুলীৰ প্ৰায় ৬০ টা মঞ্চৰ লগতে সত্ৰ সমূহত অনুষ্ঠিত হব ৰাসলীলা ।
মাজুলী ২৯ অক্টোবৰ (হি.স.): ৰাসলীলা মহোৎসৱলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। নৱেম্বৰ মাহৰ ৪তাৰিখৰ পৰা তিনিদিনীয়াকৈ মাজুলীত আৰম্ভ হ'ব এই বৃহৎ আধ্যাত্মিক মহোৎসৱ ভাগি । শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনক লৈ এতিয়া ব্যস্ত হৈ পৰিছে মাজুলীবাসী । দুপৰ নিশালৈকে আখৰা চলিছে আৰু মাজুলী একপ্ৰকাৰ দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈ পৰিছে । কৃষ্ণ লীলাৰ বন্দনাত মুখৰিত হৈ পৰিছে সত্ৰপীঠ মাজুলীৰ আকাশ বতাহ ।
মাজুলীৰ সত্ৰ সমূহৰ লগতে প্ৰায় ৬০ টাকৈ ৰঙ্গমঞ্চত অনুস্থিত হ'ব এই ৰাস মহোৎসৱ । বাৰিষাৰ বানৰ পাছত শৰৎ কালৰ এই মধুৰ সময়ত সকলো দুখ বেদনা একাষৰীয়া কৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত হৈ পৰে এই ৰাস মহোৎসৱৰ প্ৰস্তুতিত । সত্ৰ আৰু ৰঙ্গমঞ্চ সমূহত দুপৰ নিশালৈকে চলিচে আখৰা । কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ বতাহ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ