সোণালী জয়ন্তী বৰ্ষত পাঠশালা ৰাস মহোৎসৱ
বৰ্ণাঢ্য কাৰ্যসূচীত জুবিন গাৰ্গৰ জন্মদিনৰ দিনা বিশেষ অনুষ্ঠান।
সোণালী জয়ন্তী বৰ্ষত পাঠশালা ৰাস মহোৎসৱ


–৫ নৱেম্বৰত নৱ নিৰ্মিত কৃষ্ণ মন্দিৰ মুকলি কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

বৰপেটা, ২৯ অক্টোবৰ (হি.স.): নামনি অসমৰ অন্যতম আকৰ্ষণীয় পাঠশালা ৰাস মহোৎসৱৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ। প্ৰায় এক কোটি বাজেটেৰে ১৮ দিনীয়া ৰাস মহোৎসৱৰ প্ৰস্তুতি চলাই থকা হৈছে। অহা ৪ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱৰ বাবে সাজু কৰা হৈছে প্ৰায় পাচ শতাধিক মৃন্ময় মূৰ্ত্তি।

পাঠশালাৰ ভগবতী ক্ষেত্ৰত নৱনির্মিত আটকধুনীয়া কৃষ্ণ মন্দিৰ ৰাস মহোৎসৱ উপলক্ষে ৫ নৱেম্বৰত আনুষ্ঠানিকভাবে মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ৰাস মহোৎসৱত বিভিন্ন আলোকসজ্জা, লেজাৰ প্ৰদৰ্শনী, মিনাবজাৰ, বিভিন্ন কাৰিকৰী মূৰ্তিৰ সমাগম ঘটিব যদিও ৰখা হৈছে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী। ইফালে ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে ৫ নৱেম্বৰত বিশেষ অনুষ্ঠানৰ লগতে অকালতে হেৰাই যোৱা বিশ্ব শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ১৮ নৱেম্বৰত ৰাস মহোৎসৱত বিশেষ কাৰ্যসূচী পালন কৰা হ’ব বুলি ৰাস উদযাপন সমিতিয়ে সদৰি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande