ৰঙিয়াৰ মৰণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু
কামৰূপ, ২৯ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ মৰণজানাত আজি ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত নিহত এজন ব্যক্তি । নিহত ব্যক্তি গৰাকী হল কেন্দুকনাৰ বামুনগাওঁৰ ৰফিক আলী । ব্যক্তিগৰাকীয়ে মৰণজানাত বিশেষ কামত আহি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৱলৈ লওতে ৰঙিয়া
ৰঙিয়াৰ মৰণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু


কামৰূপ, ২৯ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ মৰণজানাত আজি ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত নিহত এজন ব্যক্তি । নিহত ব্যক্তি গৰাকী হল কেন্দুকনাৰ বামুনগাওঁৰ ৰফিক আলী ।

ব্যক্তিগৰাকীয়ে মৰণজানাত বিশেষ কামত আহি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৱলৈ লওতে ৰঙিয়া পৰা গুৱাহাটী আভিমূখী এ এছ ২৮ বি ৬৮৯৯ নম্বৰৰ এখন বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হয়, পিছত স্থানীয় লোক আৰু ৰঙিয়া যানবাহন আৰক্ষী উপস্থিত হৈ আহত ৰফিক আলীক ততাতীয়াকৈ ৰঙিয়া মহকুমা চিকিৎসালয়ত ভৰ্তী কৰে যদিও উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । কিন্তু গুৰুতৰ ভাবে আহত ৰফিক আলীক নিহত বুলি ঘোষণা কৰে চিকিৎসকে । ঘটনাস্থলীত উপষ্ঠিত ৰঙিয়া যানবাহন আৰক্ষীয়ে বাইক আৰোহী তামুলপুৰৰ কলবাৰীৰ প্ৰণৱ ডেকাক আটক কৰে লগতে মৃত ৰফিক আলীৰ মৃতদেহ চমজি লয় । বৰ্তমান ৰঙিয়া থানাৰ মৰ্গত ৰখা হৈছে ৰফিক আলীৰ মৃতদেহ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande